গুৱাহাটীৰ পৰা ধেমাজিলৈ অহা ১৭জন লোকৰ ভিতৰত ৫ জন কৰ’ণাত আক্ৰান্তৰ সন্দেহ

বহিঃ ৰাজ্যৰ পৰা আহি গুৱাহাটীত কোৱাৰাইণ্টাইন হৈ আছিল যুৱককেইজন ৷ প্ৰশাসনে দিয়া ASTCসেৱাৰে ধেমাজিত উপস্থিত হৈছিল আটাইকেইজন লোক

0
155

গুৱাহাটীৰ পৰা ধেমাজিলৈ অহা ১৭ জন যাত্ৰীৰ ভিতৰত ৫ জন যাত্ৰীৰ দেহত কৰ’ণাত আক্ৰান্তৰ সন্দেহ। ৫ গৰাকী লোকৰ প্ৰাৰম্ভিক দেহৰ উষ্ণতা পৰীক্ষা কৰাৰ পিছতে হাহাকাৰ লাগিছে প্ৰশাসনৰ। ১০৮ৰ জৰিয়তে নমুনা সংগ্ৰহ কৰি পৰীক্ষা বাবে প্ৰেৰণ কৰিব প্ৰশাসনে। বাছখনত গুৱাহাটীৰ পৰা অহা প্ৰতিজন লোকৰে নমুনা সংগ্ৰহ কৰা হ’ব।

বহিঃ ৰাজ্যৰ পৰা আহি গুৱাহাটীত কোৱাৰাইণ্টাইন হৈ আছিল যুৱককেইজন ৷ প্ৰশাসনে দিয়া ASTCসেৱাৰে ধেমাজিত উপস্থিত হৈছিল আটাইকেইজন লোক। ধেমাজি ASTCৰ যাত্ৰীসকলক পৰীক্ষা কৰাত দেহৰ উষ্ণতা বেছি পোৱাত এতিয়া চিন্তাত পৰিছে প্ৰশাসন।

অসমত কৰ’ণা ভাইৰাছত প্ৰথমজন লোকে প্ৰাণ হেৰুৱাইছিল। মৃত লোকজনৰ নাম ফইজুল হক বৰভূঞা। কৰ’ণাত মৃত্যু হোৱা ফইজুল হক বৰভূঞা নামৰ লোকজনৰ কোৱাৰাইণ্টাইনৰ পৰা মুকলি কৰি দিয়া হয়। আজি পুৱা ৭ বজাত মুকলি কৰি দিয়া হয় পৰিয়ালটোক।

Photo: Time8