28 C
Guwahati
Sunday, December 5, 2021
More

    কৃষক আন্দোলনত মৃত্যু হোৱা দুজন কৃষক পৰিয়াললৈ চৰকাৰৰ ৫ লাখ টকাৰ অনুদান

     কেন্দ্ৰৰ কৃষি আইনৰ বিৰোধীতাৰে দিল্লীৰ ৰাজপথ উত্তাল কৰি তুলিছে লাখ লাখ কৃষকে ।এই আন্দোলনত মৃত্যু হয় দুজনকৈ কৃষকৰ ।  

    ইয়াৰ পিছতেই বৃহস্পতিবাৰে পঞ্জাৱ চৰকাৰে কৃষক আন্দোলনত মৃত্যু বৰণ কৰা কৃষক সকলৰ পৰিয়াললৈ ৫ লাখ টকাকৈ অনুদান দিয়াৰ ঘোষণা কৰে ।

    এই আন্দোলনত মৃত্যু বৰণ কৰা কৃষক দুজনৰ নাম গুৰজন্ট সিং (৬০) আৰু গুৰবচান সিং(৮০) বুলি জানিব পৰা গৈছে ।

    হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ আন্দোলনৰ মাজতেই বুধবাৰে এই কৃষক দুজনৰ মৃত্যু বৰণ কৰে ।

    পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰেন্দ্ৰ সিঙে কৃষক দুজনৰ মৃত্যুক শোক প্ৰকাশ কৰে ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং