
ছত্তীশগড়ৰ মহাছমুণ্ড জিলাৰ কুঞ্জ বিহাৰী গড়ফুঝাৰ বাছনাৰ ইটা ভাটাত এক বৃহৎ দুৰ্ঘটনা সংঘটিত হৈছে। ভাটাটোত শুই থকা অৱস্থাত পাঁচজন শ্ৰমিকৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ধোঁৱাৰ বাবেই উশাহ-নিশাহ বন্ধ হৈ এই ৫ জন শ্ৰমিকে প্ৰাণ হেৰুওৱাৰ লগতে আন এজন শ্ৰমিক আহত হয়। বৰ্তমান তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
ইতিমধ্যে শ্ৰমিক কেইজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি এ এছ পি আকাশ ৰাও গিৰিপুঞ্জেই এই কথা নিশ্চিত কৰিছে।
বাছনা চৰকাৰী চিকিৎসালয়ত অব্যাহত আছে আহত শ্ৰমিকজনৰ চিকিৎসা।
আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি এই শ্ৰমিকসকলে ঠিকাভিত্তিত নিয়োজিত হৈ আছিল। ইটা বনাবলৈ জুই জ্বলাই শ্ৰমিক কেইজনে ইটাৰ ওপৰত শুই যোৱাৰ পিছতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।
ইফালে অবৈধভাৱে চলি থকাৰ অভিযোগ উঠা ইটা ভাটাটোত বাছনা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।