আন এক শিহৰণকাৰী দুৰ্ঘটনা; দ’ খাৱৈত বাগৰি পৰাত বাছত থকা ৫ গৰাকীৰ মৃত্যু, ২৫ গৰাকী আহত

0
1046

বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰীত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই এখন বাছ দ’ খাৱৈত বাগৰি পৰাত পাঁচজন লোকৰ মৃত্যু হয়। আজি পুৱা জিলাখনৰ ভীম্বেৰ গালীৰ সমীপত এই শিহৰণকাৰী দুৰ্ঘটনাটো সংঘটিত হয়।

এই দুৰ্ঘটনাটোৰ পিছতে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়।

জানিব পৰা মতে, এই দুৰ্ঘটনাত বাছখনত থকা কমেও ২৫ জন লোক আহত হৈছে, যিসকলক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

বৰ্তমান আৰক্ষীয়ে মৃত লোক কেইজনক চিনাক্ত কৰিবলৈ চেষ্টা কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

নিউজ এজেন্সী এটাই বাছ দুৰ্ঘটনাৰ কিছু ছবি প্ৰকাশ কৰিছে, য’ত দেখা গৈছে যে এই দুৰ্ঘটনাটো কিমান ভয়ংকৰ আছিল।

কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই এই দুৰ্ঘটনাটোক অত্যন্ত দুখজনক বুলি মন্তব্য কৰি শোক প্ৰকাশ কৰে।

উল্লেখ্য যে ১৪ ছেপ্তেম্বৰৰ দিনাও জম্মু-কাশ্মীৰত সংঘটিত হৈছিল এই ধৰণৰ এক ভয়ংকৰ দুৰ্ঘটনা। পুঞ্চ জিলাত এখন মিনি বাছ দ’ খাৱৈত বাগৰি পৰাত ১১ গৰাকী লোকৰ মৃত্যু ঘটিছিল।