ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাহন, ৫ জনৰ মৃত্যু কেইবাজনো আহত

0
2005
ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই দ' খাৱৈত বাহন, ৫ জনৰ মৃত্যু

ভয়ংকৰ পথ দুৰ্ঘটনা। এখন পিকআপ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰাৰ ফলত ৫ জন লোকৰ ঠাইতে মৃত্যু। লগতে আহত হয় প্ৰায় ১১ গৰাকী লোক। উত্তৰ পূৱৰ অন্যতম ৰাজ্য মিৰোজামত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো।

মিজোৰামৰ পূৱ সীমান্তৰ খাজৱাল জিলাৰ ৰাবুম গাঁৱত সংঘটিত হোৱা এই দুৰ্ঘটনাটোৰ ফলত ৪ লোকে ঘটনাস্থলীতে প্ৰাণ হেৰুৱায়। তাৰ বিপৰীতে এজনে উদ্ধাৰ কৰাৰ পিছত হাস্পতাললৈ প্ৰেৰণৰ পথত প্ৰাণ হেৰুৱায়। আহত সকলক উন্নত চিকিৎসাৰ বাবে ৰাজধানী আইজললৈ প্ৰেৰণ কৰা হৈছে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি যাত্ৰী ভৰ্তি পিকআপ বাহন খনে কিছু ওখ ঠাইলৈ গতি কৰি থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই আৰু দ’ খাৱৈত বাগৰি পৰে। যাত্ৰাৰ সময়ত বাহন খনত চালকে সৈতে ১৯ গৰাকী যাত্ৰী আছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি এই দুৰ্ঘটনা ৰাজ্যখনৰ ৰাজধানী আইজলৰ পৰা প্ৰায় ১৮০ কিলোমিটাৰ নিলগৰ অঞ্চলত সংঘটিত হৈছে।

বাহন খনে যাত্ৰীৰে সৈতে প্ৰায় ৯.৩০ মান বজাত কোনো এক অনুষ্ঠানত অংশ গ্ৰহণৰ বাবে গৈ থাকোতেই ১ কিলোমিটাৰ মান বাট অতিক্ৰম কৰাৰ পিছতে বাহন খন দুৰ্ঘটনাত পতিত ।

আৰু পঢ়ক : ৰাস নৃত্য নে উদ্দাম নৃত্য, শ্ৰীকৃষ্ণৰ পবিত্ৰ ৰাসত স্বল্প বস্ত্ৰ পৰিধানেৰে চকু তললৈ নমাবলৈ বাধ্য কৰালে বহু লোকক