শোকাৱহ পথ দুৰ্ঘটনা ! মন্দিৰ দৰ্শন কৰিবলৈ গৈ ৫ বন্ধুৰ মৃত্যু

0
938

শোকাৱহ পথ দুৰ্ঘটনা ! মন্দিৰ দৰ্শন কৰিবলৈ গৈ ৫ বন্ধুৰ মৃত্যু

ৰাজস্থানৰ ফতেহপুৰ শ্বেখাৱতীত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাটোৰ ফলত হাৰিয়ানাৰ পাঁচজন বন্ধু নিহত হয়।জানিব পৰা মতে
সোমবাৰে পুৱতি নিশা বিকমচাৰা গাঁৱৰ সুৰভি হোটেলৰ ওচৰত দুৰ্ঘটনাটো সংঘটিত হৈছিল।

এখন চাৰিচকীয়া বাহনক গাড়ীক এখন তীব্ৰবেগী ট্ৰাকে খুন্দা মাৰিছিল। সংঘৰ্ষটো ইমানেই ভয়ংকৰ আছিল যে গাড়ীখন বহু দূৰ উৰি গৈছিল। আৰু গাড়ীখনত থকা ৫ জন যুৱকৰ ঘটনাস্থলীতে মৃত্যু হয়। তথ্য পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হয়।

আৰক্ষীয়ে মৃতদেহকেইটাক গাড়ীৰ পৰা উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। তথ্য অনুসৰি,মৃত আটাইকেইজন হাৰিয়ানাৰ ফতেহাবাদৰ বাসিন্দা আছিল আৰু তেওঁলোক বন্ধু আছিল।

তেওঁলোকে হাৰিয়ানাৰ পৰা এখন ৰিটজ গাড়ীত ছালাছাৰ বালাজী মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল। মৃতসকলক অজয় কুমাৰ, অমিত কুমাৰ, সন্দীপ, মোহনলাল আৰু সন্দীপ সিং বুলি চিনাক্ত কৰা হৈছে।দুৰ্ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।