৫ দিনৰ জিম্মালৈ প্ৰেৰণ বিধায়ক শ্বেৰমান আলীক, ন্যায়ালয়ৰ চৌহদতে মুখ্যমন্ত্ৰীৰ ওপৰত বিস্ফোৰক মন্তব্য

0
593
'কোনে কি পিন্ধিব তাৰ বিৰুদ্ধে নহয়, নগ্নতাৰ বিৰুদ্ধেহে হ'ব লাগে প্ৰতিবাদ
ফাইল ফটো

৫ দিনৰ জিম্মালৈ প্ৰেৰণ বিধায়ক শ্বেৰমান আলীক, ন্যায়ালয়ৰ চৌহদতে মুখ্যমন্ত্ৰীৰ ওপৰত বিস্ফোৰক মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মন্তব্য কৰে বিধায়কগৰাকীয়ে।

বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ মূখ্যমন্ত্ৰী বিশেষ তদাৰকি কোষৰ ৷ বিধায়ক পুজি আত্মসাৎৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বিধায়কগৰাকীক ৷

গ্ৰেপ্তাৰৰ পিছতে বিশেষ আদালত হাজিৰ শ্বেৰমান আলীক ৷ আদালতে আজি শুনানিত ৫ দিনৰ জিম্মালৈ প্ৰেৰণ কৰে বিধায়কগৰাকীক।

আদালতৰ চৌহদত মুখ্যমন্ত্ৰীক আক্ৰমন বিধায়ক শ্বেৰমানৰ। তেখেতে কয়, সাৰদা লুইবাৰ্জাৰত অভিযুক্ত মুখ্যমন্ত্ৰীৰ অধিকাৰ নাই মোক এনেকৈ আবদ্ধ কৰাৰ।

আনহাতে বৰ্তমানেও বাঘবৰ সমষ্টিত থায়ে থায়ে বিধায়কগৰাকীৰ গ্ৰেপ্তাৰ হোৱাৰ বিৰোধিতা কৰি তেখেতক বিনাচৰ্তে মুকলিৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰি আছে জনতাই।

আৰু পঢ়ক : আৰক্ষীৰ অভিযান, অসংযত অৱস্থাত উদ্ধাৰ কেইবাগৰাকী যুৱক-যুৱতী