23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ওদালগুৰি টাউন পৰা যুৱতীক অপহৰণ, তাৰ পিছতেই দলবদ্ধ ধৰ্ষণ কৰি পেলাই থৈ যায়! গ্ৰেপ্তাৰ ৫ জন অভিযুক্ত

    ওদালগুৰি টাউন পৰা যুৱতীক অপহৰণ, তাৰ পিছতেই দলবদ্ধ ধৰ্ষণ কৰি পেলাই থৈ যায়! গ্ৰেপ্তাৰ ৫ জন অভিযুক্ত

    দৰঙৰ নমাটিত শনিবাৰে এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছিল ৷ যুৱতী গৰাকীক কোনো দুষ্ট চক্ৰই দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰি মাকৈ খেতিত পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছিল ৷ ইয়াৰ পিছতেই ঘটনাক কেন্দ্ৰ কৰি অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হয় । মৃত যুৱতী গৰাকী ওদালগুৰিৰ অঞ্জলী বসুমতাৰী বুলি জানিব পৰা গৈছে৷

    ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ১৯২/২১ নম্বৰৰ গোচৰ এটা পঞ্জীয়ন কৰি যোৱা নিশা তীব্ৰতৰ অভিযান চলাই কাচাৰিপাৰা জঙ্গল গাঁৱৰ পৰা দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে । দুই অভিযুক্ত আব্দুল বাৰেক আৰু আবুল হুছেইন বুলি জানিব পৰা গৈছে ।

    উল্লেখনীয় যে দলগাওঁ আৰক্ষীয়ে ইয়াৰ পূৰ্বে আব্দুল জবৰ , আবেদা খাতুন আৰু বাদশাহ আলি নামৰ তিনিজন অভিযুক্তক আটক কৰিছিল। ইয়াৰ পিছতে আব্দুল বাৰেক আৰক্ষীৰ আগত কয় যে শুকুৰবাৰে সন্ধিয়া যুৱতী গৰাকীক ওদালগুৰি টাউন পৰা অপহৰণ কৰি অনা হৈছিল আৰু নামাতি গাঁৱত মাকৈ খেতিত গণ ধৰ্ষণ কৰি হত্যা কৰা হৈছিল ।

    আজি দলগাঁও আৰক্ষীৰ উপ-পৰিদৰ্শক মুক্তাৰ ৰহমান আৰু উপ-পৰিদৰ্শক হৃষীকেশ বৰ্মন, দলগাঁও ভাৰপ্ৰাপ্ত বিষয়া ক্ষীৰোদ বৈশ্যৰ নেতৃত্বত ৫ জনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰন কৰে ।

    Photo and input: Riki Das

    আৰু পঢ়ক : গণিতৰ সূত্ৰ উদ্ভাৱনৰ কাৰণে বৰপেটাৰোডৰ হাইস্কুলৰ গণিত বিভাগৰ শিক্ষক তাপস কুমাৰ চৰকাৰলৈ ২০১৯-২০বর্ষৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং