পুৱতি নিশা ৫.২ ৰিখটাৰ স্কেলৰ ভুমিকম্পই জোকাৰি যায় অসমৰ বহু ঠাই

0
729
প্ৰতিকী ফটো

পুৱতি নিশা ৫.২ ৰিখটাৰ স্কেলৰ ভুমিকম্পই জোকাৰি যায় অসমৰ বহু ঠাই

আজি পুৱতি নিশা প্ৰায় ৩.৫২ মান বজাত এক মৃদু ভুমিকম্পই জোকাৰি যায় অসমৰ বহু ঠাই। নেচনেল চেণ্টাৰ ফৰ চিচমোলজি (National Center for Seismology) ৰ ফালৰ পৰা সদৰি কৰা অনুসৰি এই ভুমিকম্পৰ ৰিখটাৰ স্কেল আছিল ৫.২ ।

ভুমিকম্পটোৰ ফলত কোনো ক্ষয় ক্ষতিৰ খবৰ বৰ্তমানলৈ লাভ কৰা নাই। অসমৰ ৰঙিয়া, তামুলপুৰ, ওদালগুৰি,নলবাৰী, নগাঁও আদিৰ লগতে বৰাক উপত্যকাৰ কেউখন জিলাত এই ভুমিকম্পৰ মৃদু জোকাৰণি অনুভূত হয়।

অৱশ্যে এই ভুমিকম্পৰ অভিকেন্দ্ৰ অসম নাছিল। ইয়াৰ অভিকেন্দ্ৰ আছিল ম্যানমাৰ । জানিব পৰা অনুসৰি, সমতলৰ পৰা ১৪০ কিলোমিটাৰ গভীৰতাত এই ভুমিকম্পৰ কেন্দ্ৰস্থল আছিল।

আজি ৩০ ছেপ্টেম্বৰ তাৰিখ শুকুৰবাৰে পুৱনি নিশা অহা এই ভুমিকম্প যদিও ম্যানমাৰ আছিল, তথাপি ইয়াৰ অনুভুতি উত্তৰ পূৱৰ ৰাজ্য অৰুণাচলৰ বাদে অন্য কেউখনতে কম বেছি পৰিমানে অনুভুত হয় বুলি জানিব পৰা গৈছে।

ভুমিকম্পটো ম্যানমাৰ আৰু ভাৰতৰ সীমামূৰীয়া অঞ্চলত হৈছে।