
চতুৰ্থ সংখ্যক শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা ২০১৯ ঘোষণা। শৈলধৰ বৰুৱা মেমৰিলেয় ট্ৰাষ্টৰ সহযোগিতাত অনুষ্ঠিত হ’ব এই বঁটা প্ৰদান অনুষ্ঠান। এইবাৰৰ চলচ্চিত্ৰ বঁটাত ‘বৰনদী ভটিয়াই’ ছবিখনে শ্ৰেষ্ঠ ছবিৰ সন্মান আজুৰিবলৈ সক্ষম হয়। আনহাতে তিনিটাকৈ শিতানত শ্ৰেষ্ঠ সন্মান লাভ কৰে সদ্যমুক্তি প্ৰাপ্ত তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সন্মান বুটলা ‘আমিষ’ ছবিখনে। শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ সংগীত পৰিচালক আৰু শ্ৰেষ্ঠ ছাউণ্ড ডিজাইনাৰৰ সন্মান লাভ ছবিখনৰ।

আনহাতে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে ‘কানিন’ ছবিখনৰ বাবে মঞ্জুল বৰুৱাই। লগতে শ্ৰেষ্ঠ অভিনেতাৰ বাবে বাছনিত উঠে ‘গোবৰ্ধন চৰিত’ ছবিখনৰ বাবে জ্যেষ্ঠ শিল্পী অৰুণ হাজৰিকা। ইয়াৰ বাহিৰেও থাকে জুৰিৰ বিশেষ বঁটা, যি বঁটা লাভ কৰিছে ‘পখিলাৰ পাখি’ ছবিখনৰ অভিনেত্ৰী পাপৰি শইকীয়া আৰু ‘শৈশৱতে ধেমালিতে’ ছবিৰ শিশু শিল্পী মহৰ্ণৱ মহন্ত, ঋষিৰাজ বৰুৱা আৰু জিয়া বৰুৱা।
Photo Credit: Time8