
দক্ষিণ কামৰূপত ৪৫ বছৰীয়া লম্পটৰ ধৰ্ষণৰ বলি ৬ বছৰীয়া শিশু, গ্ৰেপ্তাৰ
দক্ষিণ কামৰূপৰ জোৰশিমুলীত এগৰাকী ছয় বছৰীয়া কনমানি এজন ৪৫ বছৰীয়া লোকৰ ধৰ্ষণৰ বলি হ’বলগীয়া হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে।
আজি আবেলি ৩ মান বজাত জামাল হক নামৰ এজন লম্পটে এটি ছয় বছৰীয়া শিশুক খোৱাবস্তু দিয়াৰ প্ৰলোভনেৰে ধৰ্ষণ কৰে।
লম্পটজনে কনমানি শিশুটিক ধৰ্ষণ কৰি থকাৰ সময়তে স্থানীয় একাংশ লোকে জামাল হকক হাতে-লোটে ধৰা পেলাই আৰু ঘটনা সন্দৰ্ভত জোৰশিমুলী আৰক্ষীক খবৰ দিয়ে।
ইপিনে, ধৰ্ষণৰ ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত আৰক্ষী বিষয়া নৱজিৎ ডেকাৰ নেতৃত্বত এটা আৰক্ষীৰ দল উপস্থিত হয় আৰু অভিযুক্ত ধৰ্ষণকাৰী জামাল হকক গ্ৰেপ্তাৰ কৰে।
বৰ্তমান আৰক্ষীয়ে জামাল হকক সোধা-পোছা অব্যাহত ৰাখিছে।
আৰু পঢ়ক : “মই ভেকচিন ল’ব নোৱাৰো…মোক বেয়া নাপাব,” ভেকচিন দেখি শৰীৰত ঐশ্বৰিক শক্তি লম্ভাৰ অভিনয় মহিলাৰ