নৃশংস হত্যাকাণ্ড ! সম্পত্তিৰ বাবেই পুত্ৰই বেটেৰে কোবাই হত্যা কৰিলে মাতৃক

0
133

নৃশংস হত্যাকাণ্ড ! সম্পত্তিৰ বাবেই পুত্ৰই বেটেৰে কোবাই হত্যা কৰিলে মাতৃক

মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত সম্পত্তিৰ বাবে এজন পুত্ৰই নিজৰ মাতৃক নিৰ্মমভাৱে হত্যা কৰিছে।মাক আৰু পুত্ৰৰ মাজত দীৰ্ঘদিন ধৰি সম্পত্তিৰ বাবে বিবাদ চলি আছিল আৰু বিষয়টো আদালতো পাইছিল গৈ।

ঘটনাটো মুম্বাইৰ জুহু অঞ্চলত সংঘটিত হৈছে।অঞ্চলটোত এজন ৪৩ বছৰীয়া পুত্ৰই সম্পত্তিৰ বাবে তেওঁৰ ৭৪ বছৰীয়া মাতৃক হত্যা কৰে আৰু এটা পাহাৰীয়া অঞ্চলত তেওঁৰ মৃতদেহ পেলাই দিয়ে।জুহু আৰক্ষীয়ে বুধবাৰে মৃত বিনা কাপুৰৰ মৃতদেহ টো নেৰাল-মাথেৰণ পথৰ কাষৰ এটা খাদৰ পৰা উদ্ধাৰ কৰে।

জানিব পৰা মতে মৃত মহিলাগৰাকীৰ পুত্ৰ শচীন কাপুৰে মঙলবাৰে ৰাতিপুৱা তেওঁৰ ঘৰুৱা সহায়ীকা গৰাকীৰ সহায়ত বেছবল বেটেৰে মাকক আঘাত কৰি হত্যা কৰিছিল। আৰক্ষীয়ে তদন্ত কৰি হত্যাৰ অভিযুক্ত পুত্ৰৰ লগতে তেওঁৰ ঘৰুৱা সহায়ীকা গৰাকীক গ্ৰেপ্তাৰ কৰিছে।