দিল্লীত অব্যাহত কৰ’ণাৰ সন্ত্ৰাস, কাপছেহৰাত এটা বিল্ডিঙতে ৪১জন আক্ৰান্ত

দিল্লীৰ তুগলকাবাদ Extension container জনত নতুনকৈ ১৫জন লোক কৰ'ণাত আক্ৰান্ত হৈছে। ইয়াৰ লগতে এলেকাটোত কৰ'ণা ৰোগীৰ সংখ্যা হৈছে ৫৩জন

0
32

ভাৰতত জাৰি কৰা লকডাউনৰ পিছতো কৰ’ণা আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পোৱা নাই। ভাৰতত কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৭,৩৩৬ৰ ঘৰ স্পৰ্শ কৰিছে। আনহাতে কৰ’ণাৰ কৱলত পৰি ১২১৮জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজ্যৰ ভিতৰত কৰ’ণা আক্ৰান্ত লোকৰ সংখ্যা আটাইতকৈ অধিক হৈছে মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰৰ পিছত দ্বিতীয়ত আছে গুজৰাট। মহাৰাষ্ট্ৰ, দিল্লী আৰু গুজৰাটত বৃদ্ধি পাই গৈয়ে আছে কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত কৰ’ণাৰ আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱা বাবে লকডাউন আৰু দুসপ্তাহলৈ বৃদ্ধি কৰিছে। কিন্তু এইবাৰ লকডাউন কিছু ব্যতিক্ৰম। এইবাৰ গ্ৰীণ জনৰ বাদে ৰেড আৰু অৰেঞ্জ জনত কিছুমান চৰ্তৰ সৈতে ৰেহাই প্ৰদান কৰা হৈছে।

আমেৰিকাত কৰ’ণাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাই ৬৫ হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে। আমেৰিকাত কৰ’ণাত আক্ৰান্ত হৈছে ১,১০৩,৭৮১জন লোক আক্ৰান্ত হৈছে। ইয়াৰে বৰ্তমানলৈ ৬৫,০৬৮জন লোকৰ মৃত্যু হৈছে।

দিল্লীৰ তুগলকাবাদ Extension container জনত নতুনকৈ ১৫জন লোক কৰ’ণাত আক্ৰান্ত হৈছে। ইয়াৰ লগতে এলেকাটোত কৰ’ণা ৰোগীৰ সংখ্যা হৈছে ৫৩জন।

দিল্লীত অব্যাহত কৰ’ণাৰ সন্ত্ৰাস। কাপছেহৰাত এটা বিল্ডিঙতে ৪১জন লোকৰ দেহত পোৱা গৈছে কৰ’ণা। দৰাচলতে ১৮ এপ্ৰিলত দিল্লীৰ কাপছেহৰাত এটা ঘৰত এজন কৰ’ণা আক্ৰান্ত ৰোগী পোৱা গৈছিল। জনবহুল এলেকাৰ বাবে প্ৰশাসনে ১৯ এপ্ৰিলত এলেকাটো ছীল কৰাৰ নিৰ্দেশনা প্ৰদান কৰে।

ইয়াৰ পিছতে ২০ এপ্ৰিলত ৯৫জন লোকৰ নমুনা আৰু ২১ এপ্ৰিলত ৮০জন লোকৰ নমুনা সংগ্ৰহ কৰি নয়দাৰ NIB লেবলৈ প্ৰেৰণ কৰা হয়। মুঠ ১৭৫জন লোকৰ নমুনাৰ ভিতৰত ৬৭জন লোকৰ আজি ৰিপৰ্ট আহে। ইয়াৰে ৪১জন লোকৰ দেহত কৰ’ণাৰ লক্ষণ দেখা পোৱা যায়।

Photo credit: BBC