কৰ’ণাৰ উৎপত্তিস্থলত পুনৰ হাহাকাৰ; বিগত ২৪ ঘণ্টাত প্ৰায় ৪০ হাজাৰ লোক আক্ৰান্ত

0
350
প্ৰতিনিধিত্বমূলক চিত্ৰ

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ’ণা ভাইৰাছে পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিছে ভাইৰাছবিধৰ উৎপত্তিস্থল চীনত। ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে দেওবাৰে প্ৰকাশ কৰা অনুসৰি ২৬ নৱেম্বৰত চীনত ৩৯,৭৯১ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে।

উল্লেখ্য যে ২৫ নৱেম্বত চীনত ৩২,৯৪৩ জন আক্ৰান্ত হৈছিল।

কৰ’ণা সংক্ৰমণৰ আতংকজনক বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বৃদ্ধি কৰা হৈছে লকডাউনৰ সময়সীমা। ঝংঝৌৰ আঠখন জিলাৰ মুঠ জনসংখ্যা প্ৰায় ৬৬ লাখ আৰু তাত থকা লোকসকলক বৃহস্পতিবাৰৰ পৰা পাঁচ দিন নিজৰ ঘৰতে থাকিবলৈ কোৱা হৈছে।

সংক্ৰমণৰ সৈতে মোকাবিলা কৰিবলৈ লোৱা ব্যৱস্থাৰ অংশ হিচাপে তাত বিস্তৃত তদন্তৰ নিৰ্দেশ দিছে স্থানীয় চৰকাৰে।

২০১৯ চনত চীনৰ য়ুহান চহৰত প্ৰথমবাৰৰ বাবে সংক্ৰমণ হোৱাৰ পিছত দেশত দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যাৰ দিশত এইটোৱে সৰ্বাধিক। দেশত দৈনিক সংক্ৰমণৰ ঘটনা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে চৰকাৰ প্ৰশাসন।