28 C
Guwahati
Friday, September 17, 2021
More

    অসম-মিজোৰাম সীমা সংঘাত; ৪০০০ কমাণ্ডো মোতায়েন কৰিব অসম সীমান্তত

    অসমে নিজৰ সাংবিধানিক সীমা সুৰক্ষিত কৰিবলৈ শীঘ্ৰেই অসম-মিজোৰাম সীমান্তত তিনিটা আৰক্ষী কমাণ্ডো বেটেলিয়ন মোতায়েন কৰিব বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায়।

    যদিও ১০ টা কমাণ্ডো বেটেলিয়ন নিয়োগ কৰাৰ সিদ্ধান্ত আগতেই ঘোষণা কৰিছিল কিন্তু এতিয়া ৰাজ্য চৰকাৰে ৰাজ্যখনৰ দহটা সীমাত এই কমাণ্ডো বেটেলিয়নসমূহ মোতায়েন কৰাৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰাৰ সিদ্ধান্ত লৈছে।

    মঙলবাৰে মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘অসম-মিজোৰাম সীমান্তৱৰ্তী অঞ্চল কৰিমগঞ্জ, হাইলাকান্দি আৰু শিলচৰত তিনিটা কমাণ্ডো বেটেলিয়ন মোতায়েন কৰা হ’ব। প্ৰতিটো বেটেলিয়নত কমেও ১২০০ জন কমাণ্ডো থাকিব আৰু সেই অনুসৰি অঞ্চলটোৰ সীমাত প্ৰায় ৪০০০ কমাণ্ডো মোতায়েন কৰা হ’ব’।

    তেওঁ কৈছিল যে এই ১০ টা কমাণ্ডো বেটেলিয়ন ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীৰ (এনএছজি) দৰে অৰ্থাত একে শাৰীৰ হ’ব।

    মুখ্যমন্ত্ৰীয়ে লগতে কৈছিল যে ৰাজ্যখনৰ ধনশিৰি অঞ্চলতো একে ধৰণৰ বেটেলিয়ন মোতায়েন কৰা হ’ব যিটো কাৰ্বি আংলং আৰু নাগালেণ্ড সীমান্তৰ ওচৰত অৱস্থিত।

    আৰু পঢ়ক : নতুন SOPত বিশেষ কি আছে কামৰূপৰ বাবে? মহানগৰীত কাৰ্ফিউৰ সময় সন্ধিয়া…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং