
সমগ্ৰ ভাৰতবৰ্ষতেই লকডাউন হৈ থকা লগতে এই সংকটৰ সময়তে হাইলাকান্দিত সংঘঠিত হৈছিলে এক বৃহৎ কেলেংকাৰী। হাইলাকান্দিৰ সমবায় সমিতিত চাউল, আটাৰ নামত এই কেলেংকাৰী। খাদ্য সুৰক্ষা আঁচনিৰ ৪০ লাখ টকাৰ চাউল আৰু আটা আত্মসাৎ।
দৰিদ্ৰ লোকৰ বাবে চৰকাৰে দিছিল এই সমূহ চাউল। পিছে কেইবাগৰাকীয়ে মিলি আত্মসাৎ কৰিছিল চৰকাৰী চাউলখিনি। ঘটনা সন্দৰ্ভত হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৩জনকৈ লোকক। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি গ্ৰেপ্তাৰ কৰা লোক কেইজন ছামছিৰ উদ্দিন শেখ, মইনুল হক বৰভূঞা আৰু নিজাম উদ্দিন লস্কৰ।
ধৃত মইনুল হক আৰু নিজাম উদ্দিন মোহনপুৰ সমবায় সমিতিৰ সদস্য। গ্ৰেপ্তাৰ হোৱা অন্যজন ছামছিৰ উদ্দিন লস্কৰ বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। গ্ৰেপ্তাৰৰ পিছত আৰক্ষীয়ে কৰা সোধা-পোছাতেই ওলাই পৰে এই কেলেংকাৰীৰ কথা।
লোককেইজনক গ্ৰেপ্তাৰৰ লগতে প্ৰায় ৪৫ কুইণ্টল চাউল আৰু আটা জব্দ কৰে আৰক্ষীয়ে। সমগ্ৰ ঘটনাৰ মূল অভিযুক্ত সমবায় সমিতিৰ সচিব আফতাব উদ্দিন লস্কৰ। মূল অভিযুক্ত আফতাব উদ্দিন লস্কৰ হাইলাকান্দি অগপ জিলা সভাপতিও।
Photo Credit: @bidhansen