29 C
Guwahati
Thursday, October 21, 2021
More

    গৰুসহ ৪খন ট্ৰাক জব্দ; আৰক্ষী সুৰাপানত ব্যস্ত থাকোতে পলায়ন গৰু মাফিয়াৰ

    জীৱ-জন্তু পৰিবহনৰ কোনো নথি-পত্ৰ নথকাকৈ প্ৰতিখন গাড়ীতেই অত্যাধিক গৰু বোজাই কৰি অনাৰ বাতৰি অঞ্চলটোত বিয়পি পৰাৰ লগে লগে গাড়ী কেইখন বিভিন্নজনে চাবলৈ আহি নিশা ভিৰ কৰেহি

    শুক্ৰবাৰে নিশা তিনিচুকীয়া জিলাৰ নৱজ্যোতিৰ পৰা গৰুসহ তিনিখন ট্ৰাক জব্দ কৰে বৰডুমচা আৰক্ষীয়ে৷ আৰক্ষীৰ মতে গাড়ী কেইখনত প্ৰায় ৫৫টাৰো অধিক গৰু থকাৰ লগতে দুটাকৈ মৃত গৰুও আছিল ৷ অবৈধ ব্যৱসায়ীৰ কৰিডৰ হিচাপে চিহ্নিত অৰুণাচল প্ৰদেশ নামচাই জিলাৰ ডিৰাক গেটেৰে নিতৌ সৰবৰাহ হয় চোৰাং কাঠ, কয়লা, ইলাচি, ক’লা কচু আদি বিভিন্নজাত সামগ্ৰী ৷ শেহতীয়াকৈ এই পথটো অবৈধ ব্যৱসায়ীৰ বাবে নিৰাপদ বুলি বিবেচিত হোৱাত একাংশ গৰু মাফিয়ায়ো ব্যৱহাৰ কৰিবলৈ লৈছিল ৷

    যোৱা নিশা এনেদৰে অৰুণাচলৰ পৰা অত্যাধিক গৰু বোজাই কৰি অনা তিনিখনকৈ গাড়ী ক্ৰমে AS25DC 3846, AS09 AC 6519 আৰু AS25 DC 1970য়ে অসমত প্ৰৱেশ কৰাৰ পাছত অসম অৰক্ষী কাকপথাৰৰ প্ৰত্যক্ষ সহযোগত বৰডুমচা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়৷ অন্যহাতেদি AS25 DC 6956 নম্বৰৰ আন এখন গাড়ী অৰুণাচলৰ ডিৰাক গেটৰ কৃষি কৰ গেটত মুকলিকৈয়ে লুকুৱাই ৰখা আৰক্ষীয়ে প্ৰত্যক্ষ কৰে ৷ উল্লেখ্য যে, জীৱ-জন্তু পৰিবহনৰ কোনো নথি-পত্ৰ নথকাকৈ প্ৰতিখন গাড়ীতেই অত্যাধিক গৰু বোজাই কৰি অনাৰ বাতৰি অঞ্চলটোত বিয়পি পৰাৰ লগে লগে গাড়ী কেইখন বিভিন্নজনে চাবলৈ আহি নিশা ভিৰ কৰেহি৷

    অন্যহাতেদি বৰডুমচা থানাৰ এছ অ বৰাই গৰু গাড়ীকেইখন জব্দ কৰি গৰু সৰবৰাহকাৰী স্থানীয় যুৱক কেশৱ বড়াক(বুবু)ক আটক কৰি নিছিল যদিও গাড়ী ৰখাই আৰক্ষীজনে গেটৰ এখন হোটেলৰ সন্মুখত ৰাজপথত বহি মদ খাই থাকোতেই গাড়ীৰ পৰা পলায়ন কৰে আটকাধীন গৰু মাফিয়া কেশব বড়া ওৰফে বুবুৱে ৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং