
মহাৰাষ্ট্ৰৰ নাগপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। থেলেচেমিয়াত ভূগি থকা চাৰিটা শিশুক দিলে এইচ.আই.ভি. পজিতিভ তেজ।
জানিব পৰা মতে নাগপুৰৰ এখন চিকিৎসালয়ত চিকিৎসকৰ গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হৈছে।
হাস্পাতাল খনত চিকিৎসাধীন হৈ থকা শিশু চাৰিটাক দিয়া হৈছিল এইচ.আই.ভি.সংক্ৰমণ তেজ।
তাৰ পিছত এজন শিশুৰ মৃত্যু হোৱাৰ লগতে আন তিনিজনৰ দেহত সংক্ৰমণ হৈছিল এইচ.আই.ভি.ৰোগৰ।
সমগ্ৰ ঘটনাৰ তথ্য় লাভ কৰাৰ পিছত স্বাস্থ্য় বিভাগত হুলস্থুল লাগি গৈছে।
ঘটনাৰ সন্দৰ্ভত নাগপুৰৰ ৰাজ্য়িক স্বাস্থ্য় বিভাগৰ উপ-সঞ্চালক ড০ আৰ.কে.ঢাকাতে এক বিবৃতি জাৰি কৰি কঠোৰ ব্য়ৱস্থা গ্ৰহণৰ বাবে আহ্বান কৰিছে।