20 C
Guwahati
Friday, January 14, 2022
More

    মাঘ বিহুৰ দিনাই ৪.১ ৰিখটাৰ স্কেলৰ ভুমিকম্পই জোকাৰি যায় উত্তৰ পূৱৰ এইখন ৰাজ্য

    মাঘ বিহুৰ দিনাই ৪.১ ৰিখটাৰ স্কেলৰ ভুমিকম্পই জোকাৰি যায় উত্তৰ পূৱৰ এইখন ৰাজ্য

    মাঘ বিহুৰ প্ৰথমটো দিনতেই ৪.১ ৰিখটাৰ স্কেলৰ এক মৃদু ভুমিকম্পই জোকাৰি যায় উত্তৰ পূৱৰ এখন ৰাজ্য। ১৪ জানুৱাৰীৰ নিশা প্ৰায় ২ মান বজাত এই ভুমিকম্প আহে।

    নেশ্যনেল ছিচমোল’জী বিভাগে সদৰি কৰা অনুসৰি ভুমিকম্পৰ সময় নিশা ১ বাজি ৫৯ মিনিট ৬ ছেকেণ্ড। এই মৃদু ভুমিকম্পটো আহে উত্তৰ পূৱৰ অন্যতম ৰাজ্য মণিপুৰত।

    ৰাজ্যখনৰ উখৰুলৰ পৰা ৬৬ কিলোমিটাৰ দূৰত্বৰ এই ভুমিকম্প আহে। ভুমিকম্পৰ অভিকেন্দ্ৰ সমতলৰ পৰা ৫৫ কিলোমিটাৰ গভীৰতাত বুলি জানিব পৰা গৈছে।

    উল্লেখ্য যে, ২০২১ চনৰ ডিচেম্বৰৰ মাহৰ পৰা কেইবাটাও মৃদু ভুমিকম্প সঘনাই আহি আছে মণিপুৰ আৰু ম্যানমাৰত। এই এলেকাটো মণিপুৰ আৰু ম্যানমাৰৰ সীমান্ত অঞ্চল ।

    আৰু পঢ়ক : পিতৃৰ নিৰ্দেশত ৫ ভাতৃয়ে মিলি হত্যা কৰিলে জ্যেষ্ঠ ভাতৃক, উত্তপ্ত পৰিস্থিতি…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং