26 C
Guwahati
Thursday, May 26, 2022
More

    বিষাক্ত চুলাই পান কৰি পুনৰ চাৰিজন লোকৰ মৃত্যু, বহু লোক গুৰুতৰভাৱে আসুস্থ

    উত্তৰ প্ৰদেশৰ ৰাইবেৰেলী জিলাত বিষাক্ত চুলাই পান কৰি চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে ভালেকেইজন লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰাৰ তথ্য লাভ কৰা গৈছে।

    উত্তৰ প্ৰদেশ ৰাইবেৰেলীৰ পাহাৰপুৰ গাঁৱত এই ঘটনা সংঘটিত হৈছে।

    জানিব পৰা মতে, মঙলবাৰে নিশা ৰাইবেৰেলীৰ পাহাৰপুৰ গাঁৱত অনুষ্ঠিত এটা অনুষ্ঠানত একাংশ গাঁৱৰ লোকে চুলাই পান কৰে আৰু চুলাই পান কৰাৰ পাছতে লোকসকল অসুস্থ হৈ পৰে।

    গুৰুতৰভাৱে অসুস্থ হৈ পৰা লোকসকলক হস্পিটেললৈ লৈ যোৱা হয় যদিও চাৰিজন লোকৰ হস্পিটেলতে কৰুণ মৃত্যু হয়।

    বহুলোক বিষাক্ত চুলাই পান কৰাৰ পাছতে এতিয়াও হস্পিটেলত চিকিৎসাধীন হৈ আছে।

    জিলাখনৰ জিলা দণ্ডাধীশ বৈভৱ শ্ৰীবাস্তৱে এতিমধ্যে ঘটনাৰ তদন্ত কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে।

    বৰ্তমান বিষাক্ত চুলাই পান কৰি লোকৰ মৃত্যু হোৱা সম্পৰ্কত তদন্ত আৰম্ভ কৰা হৈছে।

    আৰু পঢ়ক : হাজাৰ-হাজাৰ শিক্ষাৰ্থীৰ হিংসাত্মক প্ৰতিবাদ, আৰক্ষীলৈ শিল নিক্ষেপ, ৰেইলত অগ্নিসংযোগ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং