ভয়াবহ প্ৰতিবেদন, ইউক্ৰেইন-ৰাছিয়াৰ সংঘাতৰ ফলত প্ৰায় ৪০ লাখ শিশুৰ মুখৰ পৰা নোহোৱা হল খাদ্য, ভৱিষ্যতো অন্ধকাৰত

0
26637

ভয়াবহ প্ৰতিবেদন, ইউক্ৰেইন-ৰাছিয়াৰ সংঘাতৰ ফলত প্ৰায় ৪০ লাখ শিশুৰ মুখৰ পৰা নোহোৱা হল খাদ্য, ভৱিষ্যতো অন্ধকাৰত।

ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ কথা আমি সকলোৱে জানো, কিন্তু এই আক্ৰমনৰ ফলত হোৱা ভয়াবহ পৰিনামৰ বিষয়ে হয়তো আমি সকলোৱে জ্ঞাত নহয়। এই যুদ্ধৰ ফলত বহু লোকে প্ৰাণ হেৰুৱালে, বহ শিশু ঘাটমাউৰা হল, বহুতেই হেৰুৱালে শৰীৰৰ অংগ, আপোনজন।

বৰ্তমানে ভয়ংকৰ আৰ্থিক দুৰৱস্থাই দেখা দিছে দুয়োখন দেশতে। বিশেষকৈ আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে ইউক্ৰেইন।

ইউনিচেফে এই সন্দৰ্ভত প্ৰকাশ কৰিছে এক ভয়াবহ প্ৰতিবেদন। প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি-

‘ৰাছিয়া-ইউক্ৰেইন যুদ্ধত হোৱা অৰ্থনৈতিক দুৰৱস্থাৰ পৰিণতিৰ ফলত পূব ইউৰোপ আৰু মধ্য এছিয়াৰ প্ৰায় ৪০ লাখ শিশু ভয়ংকৰ দৰিদ্ৰতাৰ সন্মুখিন হৈছে। অৰ্থাৎ যুদ্ধৰ ফলত ইউক্ৰেইনত হোৱা অৰ্থনৈতিক সংকটৰ আটাইতকৈ গধুৰ বোজা শিশুৱে বহন কৰিব লগা হৈছে।

প্ৰতিবেদনৰ অনুসৰি,  সংঘাত আৰু মুদ্ৰাস্ফীতি বৃদ্ধিৰ ফলত সমগ্ৰ পূব ইউৰোপ আৰু মধ্য এছিয়াৰ ৪০ লাখ শিশুক দৰিদ্ৰতাৰ মাজলৈ অগ্ৰসৰ হৈছে, যি ২০২১ চনৰ পৰা ১৯% বৃদ্ধি পাইছিল।

উল্লেখযোগ্য যে ফেব্ৰুৱাৰী মাহত মস্কোৱে নিজৰ প্ৰতিবেশী দেশখনক আক্ৰমণ কৰাৰ পাছৰে পৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ৰাছিয়া আৰু ইউক্ৰেইনৰ শিশুসকল।

ইউনিচেফৰ অনুসৰি, ইউক্ৰেইনৰ যুদ্ধ আৰু জীৱন ধাৰণৰ ব্যয়ৰ সংকটৰ ফলত সমগ্ৰ অঞ্চলটোৰ দৰিদ্ৰতাত জীৱন কটোৱা শিশুৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। আৰু বৃদ্ধিৰ প্ৰায় তিনি চতুৰ্থাংশ শিশু বহন কৰিছে ৰাছিয়াই আনহাতে প্ৰায় ২৮ লাখ শিশুৰ পৰিয়ালে এতিয়াও বাস কৰি আছে দৰিদ্ৰ সীমাৰেখাৰ তলত।

ইউনিচেফে লগতে ইয়াকো উল্লেখ কৰি কয় যে এই যুদ্ধৰ ভয়ংকৰ পৰিণতি এতিয়া  শিশুসকলৰ ওপৰতহে বেছিকৈ পৰিছে। খাদ্যৰ গভীৰ সংকটৰ লগতে বৰ্তমানে ভৱিষ্যত অন্ধকাৰ হৈ পৰিছে লাখ লাখ শিশুৰ।