22 C
Guwahati
Saturday, December 4, 2021
More

    বাংলাদেশত হিন্দু মন্দিৰ লণ্ড-ভণ্ড কৰা ৪ জন লোকক গ্ৰেপ্তাৰ

    বাংলাদেশৰ কিশোৰগঞ্জ জিলাৰ এটা হিন্দু মন্দিৰ ভাঙি লণ্ড ভণ্ড আৰু লুটপাত চলোৱা সন্দৰ্ভত এজন ইমামসহ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

    আৰক্ষীয়ে জনোৱা অনুসৰি, গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত ২২ বছৰীয়া মামুনুৰ ৰছিদ, ১৫-১৬ বছৰীয়া দুজন কিশোৰ আৰু ৫০ বছৰীয়া চিকিৎসক কাফিল উদ্দিনে শনিবাৰে তেওঁলোকৰ অপৰাধ স্বীকাৰ কৰে।

    শুকুৰবাৰে কাদিম মাঝাটি অঞ্চলৰ এটা কালী মন্দিৰত এই হিংসাত্মক ঘটনাটো সংঘটিত হৈছিল।

    দুৰ্বৃত্তসকলে মন্দিৰত প্ৰৱেশ কৰি পাঁচটা মূৰ্তি ভাঙি পলাই গৈছিল।

    এই আক্ৰমণটো তেতিয়া সংঘটিত হৈছিল যেতিয়া পূজাৰীয়ে মূৰ্তি বিসৰ্জনৰ প্ৰস্তুতি চলাই আছিল।

    আৰক্ষীয়ে জনোৱা অনুসৰি ইমান ৰছিদে এই আক্ৰমণৰ নেতৃত্ব দিছিল।

    আৰক্ষী বিষয়া চামছুল আলম চিদ্দিকীয়ে এটা নিউজ এজেন্সিক কয় যে মন্দিৰৰ উপ-সভাপতি বীৰেন্দ্ৰ চন্দ্ৰ বৰমনে শুকুৰবাৰে নিশা প্ৰায় ৩৫ জন অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।

    উল্লেখ্য যে যোৱা তিনি দিনত সমগ্ৰ দেশৰ হিন্দু মন্দিৰ ত হোৱা আক্ৰমণকে ধৰি হিংসাত্মক ঘটনাত কমেও চাৰিজন লোক নিহত আৰু ৭০ জন আহত হৈছে।

    বাংলাদেশ হিন্দু বৌদ্ধ খ্ৰীষ্টান একতা পৰিষদৰ (বি এইচ বি চি ইউ চি) সাধাৰণ সম্পাদক ৰাণা দাসগুপ্তাই জনোৱা অনুসৰি, মৌলবাদী আক্ৰমণকাৰীসকলে ৭০ টাতকৈও অধিক উপাসনাস্থলী, ৩০ টা ঘৰ, ৫০ খন দোকান লণ্ড ভণ্ড কৰি অগ্নি সংযোগ কৰিছে।

    ইফালে ছ’চিয়েল মিডিয়াত সাম্প্ৰদায়িক বিদ্বেষ বিয়পোৱাৰ বাবে আৰক্ষীয়ে ইতিমধ্যে শ-শ লোক গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে।

    আৰু পঢ়ক : ভিডিঅ’ বনাই আছিল ৩ বন্ধু, হঠাৎ আহিল তীব্ৰ বেগী ট্ৰেইন,‌‌‌পিছত ভয়ংকৰ ঘটনা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং