
দশক দশক ধৰি বন্ধ হৈ থকা মধ্য প্ৰদেশৰ চাউথ ইষ্টাৰ্ণ ক’লফিল্ডছ লিমিটেডৰ ধনপুৰী ইউ জি খনিত চুৰি কৰিবলৈ যোৱা ৪ জন লোকৰ মৃত্যু ঘটিছে। মৃত লোক কেইজন ৰাজ মাহটো, হাজাৰী কৌল, ৰাহুল কৌল আৰু কপিল বিশ্বকৰ্মা বুলি চিনাক্ত কৰা হৈছে।
এই ঘটনাটো বৃহস্পতিবাৰে গভীৰ নিশা সংঘটিত হৈছে। ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হৈ লোক কেইজনক উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।
খনিৰ ভিতৰৰ পৰা ওলোৱা গেছৰ বাবে উশাহ বন্ধ হোৱাৰ ফলত চাৰিওজন লোকৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।
জানিব পৰা মতে, চাৰিওজন লোক খনিৰ ভিতৰত সোমোৱাৰ সময়ত এজনে বাহিৰত থিয় হৈ পহৰা দি আছিল।
আৰক্ষীয়ে জনোৱা অনুসৰি, খনিৰ ভিতৰত পৰি থকা পুৰণি লোহা, আৱৰ্জনা, ভঙা মেচিনৰ অংশ চুৰি কৰাৰ উদ্দেশ্যেৰে বহু লোক প্ৰায়ে বন্ধ হৈ থকা খনিত প্ৰৱেশ কৰে।
যোৱা নিশা যেতিয়া ৪জন লোক ভিতৰলৈ সোমাইছিল, তেতিয়া বাহিৰত পহৰা দি আছিল আন এজন ব্যক্তি। ভিতৰলৈ যোৱা লোক কেইজন বহু সময়লৈ ঘূৰি নহা দেখি পহৰা দি লোকজনে পৰিয়ালৰ লোকক কয়।
পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলত উপস্থিত হৈ লোক কেইজনৰ মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।