
দেওবাৰে সন্ধিয়া তামিলনাডুৰ আৰাক্কোনামৰ কীলবীথিত এক মন্দিৰ উৎসৱ অনুষ্ঠানৰ সময়ত এখন ক্ৰেন ভাঙি পৰাৰ ফলত ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৯ জন লোক গুৰুতৰভাৱে আহত হয়।
কিলবীথি গাঁৱত অনুষ্ঠিত দ্ৰৌপতি আম্মান উৎসৱৰ সময়ত ভগৱানৰ মূৰ্তি কঢ়িয়াই অনা ক্ৰেনখনৰ ওপৰত আছিল আঠজন ভক্ত। ইয়াৰে মুথুকুমাৰ (৩১), জ্যোতিবাবু (১৯) আৰু এছ ভূপালন (৪১) নামৰ ভক্ত তিনিজনৰ থিতাতে মৃত্যু হয়।
আন আন আঘাতপ্ৰাপ্ত লোক কেইজনক হাস্পতালত ভৰ্তি কৰোৱা হয়। ইয়াৰে পিছত আৰু এজন ভক্তৰ মৃত্যু ঘটে।
এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত মন্দিৰ চৌহদত হাজাৰৰো অধিক লোক উপস্থিত আছিল।
জানিব পৰা মতে, প্ৰশাসনৰ তৰফৰ পৰা এই উৎসৱৰ সময়ত ক্ৰেন ব্যৱহাৰৰ অনুমতি দিয়া হোৱা নাছিল।
তামিলনাডুৰ হিন্দু ধৰ্মীয় আৰু চেৰিটেবল এনড’উমেণ্ট বিভাগৰ মন্ত্ৰী পি কে ছেকাৰ বাবুৱে সোমবাৰে ৰানিপেটৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি ঘটনাৰ বুজ লয়।
এই দুৰ্ভাগ্যজনক ঘটনা তথা শোকাৱহ ঘটনাটো সংঘটিত হোৱাৰ পিছত ক্ৰেনখনৰ চালকজনক আৰক্ষীয়ে জিম্মাত লোৱা বুলি জিলা উপায়ুক্তই জানিব দিয়ে।