
অভয়াপুৰী মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত অঘটন। শনিবাৰে সন্ধিয়া মহাবিদ্যালয়ৰ আদৰণি সভাৰ সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ মাজতে ৪জন ছাত্ৰক চুৰিকাঘাত দুৰ্বৃত্তৰ।
চুৰিৰ আঘাতত আহত অংকুৰ ৰায়, শুভাংকৰ সৰকাৰ, পল্লৱজ্যোতি ৰায় আৰু প্ৰণৱ কৰ্মকাৰ। আহত আটাইকেইজন ছাত্ৰ হাস্পতালত চিকিত্সাধীন। ঘটনাটোক কেন্দ্ৰ কৰি কলেজখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Photo credit: thescottishsun.co.uk