অসম আৰক্ষীৰ চাৰিগৰাকী বিষয়ালৈ গৃহমন্ত্ৰীৰ অনুসন্ধান পাৰদৰ্শিকতা বঁটা

0
77
অসম আৰক্ষীৰ কনিষ্টবল পদত বৃহৎ নিযুক্তিৰ বিজ্ঞাপন, কেনেদৰে কৰিব
প্ৰতিনিধিত্বমূলক চিত্ৰ

৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰাকক্ষণত অসম আৰক্ষীলৈ আহিছে এটা সুখবৰ। অসমৰ চাৰিগৰাকী আৰক্ষী বিষয়ালৈ গৃহমন্ত্ৰীৰ অনুসন্ধান পাৰদৰ্শিকতা বঁটা আগবঢ়োৱা হৈছে।

অনুসন্ধানত দেখুওৱা পাৰদৰ্শিতাৰ বাবেই  ৪ গৰাকী আৰক্ষী বিষয়াই কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ এই পদক লাভ কৰিব।

অসমৰ পৰা এই পদক লাভ কৰিবলগীয়া বিষয়া কেইজন হৈছে হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস আৰু উপ-আৰক্ষী অধীক্ষক ৰ’জী তালুকদাৰ আৰু উপ-পৰিদৰ্শক নাৰায়ণ শইকীয়া।

উল্লেখযোগ্য যে, ভাৰতবৰ্ষৰ সৰ্বমুঠ ১৫১গৰাকী আৰক্ষী বিষয়ালৈ গৃহমন্ত্ৰী অমিত শ্বাহে এই স্বাধীনতা দিৱসৰ দিনটোত এই সন্মান প্ৰদান কৰিব।

বঁটাপ্ৰাপ্তসকলৰ ভিতৰত ২৮ গৰাকী মহিলা আৰক্ষীও আছে।