বৰপেটাত বাল্য বিবাহৰ ঘটনা ! বিয়া কৰাবলৈ আহি গ্ৰেপ্তাৰ হ’ল দৰাসহ ৪ জন

0
354

বৰপেটাত বাল্য বিবাহৰ ঘটনা ! বিয়া কৰাবলৈ আহি গ্ৰেপ্তাৰ হ’ল দৰাসহ ৪ জন

বৰপেটাৰ সৰভোগত বাল্য বিবাহৰ ঘটনা সংঘটিত হৈছে। বাল্য বিবাহ কৰাবলৈ আহি ৰঙাঘৰৰ আলহী হ’ল দৰাসহ ৪ জন। ছানোৱাৰ হুছেইনসহ তেওঁৰ পিতৃ আৰু খুড়াকক গ্ৰেপ্তাৰ কৰা হৈছে। সৰভোগৰ কুৰবাহাত এই বাল্য বিবাহৰ ঘটনাটো সংঘটিত হৈছে।

আৰক্ষীয়ে দিয়া তথ্য অনুসৰি এক গোপন সুত্ৰ অনুসৰি তেওঁলোকে কুৰবাহাত বাল্য বিবাহ আয়োজন কৰাৰ খবৰ পাই। খবৰ পোৱাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।

ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে জানিব পাৰে যে এগৰাকী ১৬ বছৰীয়া নাবালীকাৰ এজন ২৯ বছৰীয়া যুৱকৰ সৈতে পৰিয়ালৰ লোকে বিবাহ কৰাবলৈ বিছাৰিছিল। বিয়াখন ভংগ কৰি আৰক্ষীয়ে দৰাসহ ৪ জন লোকক গ্ৰেপ্তাৰ কৰে।বাল্যবিবাহ সম্পন্ন কৰিবলৈ অহা কাজী চানীদুল আলীও আৰক্ষীৰ জালত পৰিছে।

আৰক্ষী অহাৰ উমান পায়েই বিয়াঘৰৰ পৰা কন্যা গৰাকীয়ে পিতৃয়ে পলায়ন কৰে। দৰাচলতে কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বাল্য বিবাহক কেন্দ্ৰ কৰি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল।আৰু তাৰ পিছতে এতিয়া একশ্বন আৰম্ভ কৰিছে আৰক্ষীৰ লোক সকলে।