29 C
Guwahati
Monday, July 26, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    নিশা পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য, জানো আহক ইয়াৰ প্ৰাবল্য আৰু অভিকেন্দ্ৰ..

    নিশা পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য, জানো আহক ইয়াৰ প্ৰাবল্য আৰু অভিকেন্দ্ৰ..

    বুধবাৰে পুৱতি নিশা প্ৰায় ২.১০ বজাত অসম আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ক পুনৰ জোকাৰি যায় এটা ভূমিকম্পই । ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৪.১।

    ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰৰ দ্বাৰা এই কথা নিশ্চিত কৰা হৈছে।

    নেচনেল চেণ্টাৰ ফৰ ছেইছম’লজিয়ে (এনচিএছ) এটা টুইটযোগে কৈছিল যে ভূমিকম্পটো ভূগৰ্ভৰ ১০ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল।

    ভূমিকম্পটোৰ অভিকেন্দ্ৰ মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ তুৰাৰ উত্তৰ-পূবৰ পৰা প্ৰায় ৪২ কিলোমিটাৰ নিলগত।

    এতিয়ালৈকে, ভূমিকম্পৰ ফলত কোনো হতাহত বা ক্ষয়-ক্ষতিৰ খবৰ লাভ কৰা নাই।

    উল্লেখ্য যে উত্তৰ-পূব বিশেষকৈ অসমত যোৱা কেইবামাহ ধৰি ধাৰাবাহিকভাৱে হৈ থকা ভূমিকম্পৰ জোকাৰণিয়ে চিন্তিত কৰি তুলিছে ইযাৰ বাসিন্দাসকলক।

    আৰু পঢ়ক : বাৰ্মিজ চুপাৰী মাফিয়া আব্দুল হান্নান আলী গুলিবিদ্ধ, এগৰাকী আৰক্ষী বিষয়াও আহত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং