
আজি স্বাক্ষৰিত হ’ব তৃতীয়খন বড়ো চুক্তি। সেই উদ্দেশ্য নতুন দিল্লীত উপস্থিত মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত হ’ব NDFBৰ চাৰিটা গোটৰে সন্ধি। ইতিমধ্যেই NDFBৰ সকলো সদস্য আৰু চাৰি সপ্তাহৰ অগ্ৰিম জামিন লৈ ৰঞ্জন দৈমাৰীও উপস্থিত নতুন দিল্লীত।
চাৰি দশকজোৰা সশস্ত্ৰ আন্দোলনৰ পিছত এই চুক্তি। এই চুক্তিৰ বাবে আত্মসমৰ্পণ কৰা NDFB(S)ৰ নেতাসকল এতিয়া নতুন দিল্লীত। নেতৃত্বত বি ছাড়াইগৌড়া আৰু বি আৰ ফেৰেংগা। গোবিন্দ বসুমতাৰী নেতৃত্বাধীন NDFB-Progressiveৰ দলো আছে এতিয়া নতুন দিল্লীত। লগতে আছে ধীৰেন বড়ো গোটৰ NDFBৰ শীৰ্ষ নেতৃত্বও।
চুক্তিৰ লগে লগে BTAD ভৌগলিক পৰিসৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা। বড়োলেণ্ডত স্থায়ীভাবে বসবাস কৰি থকাসকলৰ থাকিব বিশেষ অধিকাৰ। বহিৰাগতসকলে হেৰুৱাব ভোটাধিকাৰ। নতুনকৈ তৈয়াৰ হ’ব ভোটাৰ তালিকা। BTADত থাকিবলৈ হ’লে বাহিৰৰ লোকে ল’ব লাগিব বিশেষ অনুমতি। NDFB নেতা–কৰ্মীৰ বিৰুদ্ধে NIA, CBI আৰু আৰক্ষীয়ে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ কৰিব লাগিব। লগতে NDFB নেতা কৰ্মীক জে’লৰ পৰা মুক্তি। অৱশ্যে এই ক্ষেত্ৰত ২০০৮ চনৰ হত্যা যজ্ঞৰ দোষী সাব্যস্ত হোৱা ৰঞ্জন দৈমাৰীৰ ক্ষেত্ৰত কি হ’ব সেয়া স্পষ্ট নহয়।
এই বহু প্ৰত্যাখিত চুক্তিত ৰাজ্য চৰকাৰৰ হৈ স্বাক্ষৰ কৰিব মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই। কেন্দ্ৰীয় চৰকাৰৰ হৈ স্বাক্ষৰ কৰিব যুটীয়া সচিব সত্যেন গাৰ্গে। এই চুক্তিত নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ স্বাক্ষৰ কৰিব সভাপতি প্ৰমোদ বড়োৱে৷