
ছুইজাৰলেণ্ডৰ আইকিউ এয়াৰ নামৰ প্ৰতিষ্ঠানটোৱে বিশ্ব বায়ুৰ গুণাগুণ শীৰ্ষক প্ৰতিবেদন প্ৰকাশ কৰিছে। ইয়াত ভাৰতক বিশ্বৰ অষ্টম প্ৰদূষিত দেশ হিচাপে অভিহিত কৰা হৈছে।
প্ৰতিবেদন অনুসৰি দেশৰ ৩১খন চহৰত প্ৰদূষণৰ মাত্ৰা যথেষ্ট হ্ৰাস পোৱাৰ বিপৰীতে ৩৮খন চহৰত প্ৰদূষণৰ মাত্ৰা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে।
প্ৰতিবেদনত চাডক বিশ্বৰ আটাইতকৈ প্ৰদূষিত দেশ বুলি অভিহিত কৰা হৈছে। ইয়াৰ পিছত আছে ইৰাক, পাকিস্তান, বাহৰেইন আৰু বাংলাদেশ। আনহাতে গুৱাম বিশ্বৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ জলবায়ুৰ দেশ। বিশ্বৰ সৰ্বাধিক প্ৰদূষিত চহৰ পাকিস্তানৰ লাহোৰ, দ্বিতীয় স্থানত আছে চীনৰ হোটান।
২০২২ চনত ভাৰতক বিশ্বৰ অষ্টম প্ৰদূষিত দেশ হিচাপে অভিহিত কৰা হৈছে, আনহাতে ২০২১ চনত ভাৰত এই তালিকাত ৫ম স্থানত আছিল।
বিশ্বৰ সৰ্বাধিক প্ৰদূষিত ৫০খন চহৰৰ তালিকাত ভাৰতৰ ৩৯খন চহৰ আছে। সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাত তৃতীয় আৰু চতুৰ্থ স্থানত আছে ৰাজস্থানৰ ভীৱাৰী আৰু ৰাজধানী দিল্লী। শীৰ্ষ ২০ খন প্ৰদূষিত চহৰৰ তালিকাত ভাৰতৰ আছে ১৪খন চহৰ।
প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে পৰিবহণ খণ্ডই হৈছে ভাৰতৰ বায়ু প্ৰদূষণৰ আটাইতকৈ ডাঙৰ কাৰণ। উদ্যোগ আৰু কয়লা চালিত বিদ্যুৎ কেন্দ্ৰৰ পৰাও প্ৰদূষণ বিয়পিছে। বায়ু প্ৰদূষণৰ ফলত ভাৰতৰ ১৫০ বিলিয়ন ডলাৰৰ লোকচান হোৱা বুলি অনুমান কৰা হৈছে।