নৱমৰ পৰা একাদশ শ্ৰেণীলৈ দুটা বছৰে ধৰি শিক্ষকৰ ধৰ্ষণৰ বলি ছাত্ৰী, সম্পূৰ্ণ পৰিয়াল মাৰি পেলোৱাৰ ভয় দেখুৱাই দুষ্কাৰ্য্য

0
560

নৱমৰ পৰা একাদশ শ্ৰেণীলৈ দুটা বছৰে ধৰি শিক্ষকৰ ধৰ্ষণৰ বলি ছাত্ৰী, সম্পূৰ্ণ পৰিয়াল মাৰি পেলোৱাৰ ভয় দেখুৱাই দুষ্কাৰ্য্য।

অৱশেষত সাহস গোটাই পৰিয়ালৰ আগত সমস্ত ঘটনা সদৰি কৰাতহে পোহৰলৈ আহে এই কাণ্ডৰ কথা। লগে লগে পৰিয়াল কাষ চাপে আৰক্ষীৰ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শিক্ষকগৰাকীক।

এই লজ্জাজনক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ এখন ব্যক্তিগত বিদ্যালয়ত। বিদ্যালয়ৰে এগৰাকী ছাত্ৰীক শিক্ষকে দুবছৰ ধৰি ধৰ্ষণ কৰি আহিছিল।

আনকি ছাত্ৰীগৰাকীক ভাবুকি দিছিল যে যদি কাৰোৱাৰ আগত এই বিষয়ে সদৰি কৰে, তেন্তে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ সকলো সদস্যক হত্যা কৰিব শিক্ষকে।

যাৰ বাবে শিক্ষকজনৰ ভাবুকিৰ ভয়ত তেতিয়াৰ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকী দুটা বছৰে ধৰি মনে মনে থাকি এই নিৰ্যাতনৰ বলি হৈ থাকে। ছাত্ৰীগৰাকী বৰ্তমানে একাদশ শ্ৰেণীৰ ছাত্ৰী।

আৰক্ষীয়ে জনোৱা অনুসৰি, শিক্ষকজনে প্ৰাণে মৰাৰ ভয় দেখুৱাই ছাত্ৰীগৰাকীক বিভিন্ন হোটেল আৰু গাড়ীত তুলি লৈ জঘন্য কাৰ্য্য সংঘটিত কৰিছিল।

অভিযোগ কৰা হৈছে যে শিক্ষকজনে ছাত্ৰীগৰাকীৰ আপত্তিজনক ছবি আৰু ভিডিঅ’ প্ৰস্তুত কৰি ৰাখিছিল। যাৰ বাবে ছাত্ৰীগৰাকীয়ে অধিক ভয় খাইছিল।

কিন্তু দিল্লীৰ শ্ৰদ্ধা কাণ্ড পোহৰলৈ অহাৰ পাছত ছাত্ৰীগৰাকীৰ মনলৈ কিছু সাহস আহে। যেতিয়া শিক্ষকে পুনৰ ছাত্ৰীগৰাকীক লগ ধৰে এনে কামৰ বাবে। লগে লগে বিৰোধিতা কৰে ছাত্ৰীয়ে।

খঙত খৰ্গহস্ত হৈ শিক্ষকে ছাত্ৰীগৰাকীকো শ্ৰদ্ধাৰ দৰে টুকুৰা চুকুৰকৈ কাটি মাৰি পেলোৱাৰ ভয় দেখুৱাই। কিন্তু এইবাৰ আৰু ভয় নাখাই পৰিয়ালৰ আহত সকলো বিবৰি কয়।

আৰক্ষীয়ে বৰ্তমানে শিক্ষকজনৰ বিৰুদ্ধে আইপিচিৰ ৩৭৬ (ধৰ্ষণ), ৫০৬ (অপৰাধমূলক ভাবুকি) ধাৰাৰ অধীনত আৰু পকচো আইনৰ প্ৰাসংগিক ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি আটক কৰিছে।