23 C
Guwahati
Friday, May 20, 2022
More

    চাঞ্চল্যকৰ; পত্নীক ধৰ্ষণ কৰা অভিযুক্তক বিস্ফোৰক সামগ্ৰীৰে হত্যা স্বামীৰ

    চাঞ্চল্যকৰ; পত্নীক ধৰ্ষণ কৰা অভিযুক্তক বিস্ফোৰক সামগ্ৰীৰে হত্যা স্বামীৰ

    দলবদ্ধ ধৰ্ষণৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে এজন ব্যক্তিক বিস্ফোৰক সামগ্ৰীৰে হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এজন ৩২ বছৰীয়া লোকক।

    মধ্যপ্ৰদেশৰ ৰতলাম জিলাৰ পৰা সোমবাৰে আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰে।

    জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা লোকজনৰ পত্নীক কিছুদিন পূৰ্বে কেইজনমান লোকে দলবদ্ধ ধৰ্ষণ কৰিছিল আৰু তাৰেই প্ৰতিশোধ লোৱাৰ বাবে লোকজনে এই ভয়ানক কাণ্ড সংঘটিত কৰিছিল।

    ইফালে দলবদ্ধ ধৰ্ষণৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভানৱাৰ লাল আৰু দিনেশ নামৰ আন দুজন গাওঁবাসীকো গ্ৰেপ্তাৰ কৰা বুলি জনায়।

    ৰতলামৰ আৰক্ষী অধীক্ষক গৌৰৱ তিৱাৰীয়ে কয়, ‘৪ জানুৱাৰিত লাল সিং নাম লোকজন তেওঁৰ কৃষিভূমিত সংঘটিত এক বিস্ফোৰণত নিহত হৈছিল। ফৰেনচিক বিশেষজ্ঞই জনাইছিল যে জিলেটিন ৰড আৰু ডিটোনেটৰৰ বাবে বিস্ফোৰণটো সংঘটিত হৈছিল’।

    ‘অনুসন্ধানত, এটা কথা পোহৰলৈ আহিছিল যে আগষ্টত প্ৰাক্তন চৰপঞ্চ ভানৱাৰ লালৰ কৃষি ভূমিতো একে ধৰণৰ বিস্ফোৰণ সংঘটিত হৈছিল, কিন্তু ঘটনাটোত তেওঁ সামান্য আঘাতপ্ৰাপ্ত হৈছিল’, আৰক্ষী অধীক্ষক গৰাকীয়ে কয়।

    ‘ঘটনাটোৰ পিছত আৰক্ষীয়ে গাঁওখনৰ পৰা সন্ধানহীন হৈ থকা এটা পৰিয়াল বিচাৰি পাইছিল। আৰক্ষীয়ে ৭ জানুৱাৰিত মান্দসৌৰৰ পৰা মানুহজন আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক আটক কৰিছিল। জেৰাৰ সময়ত, লোকজনে তেওঁৰ অপৰাধ স্বীকাৰ কৰে আৰু লগতে জনায় যে তেওঁ তেওঁৰ পত্নীৰ দলবদ্ধ ধৰ্ষণৰ প্ৰতিশোধ লৈছে’, তেওঁ লগতে কয়।

    হত্যাৰ অভিযোগত অভিযুক্ত লোকজনে আৰক্ষীৰ আগত কয়, ‘যোৱা বৰ্ষৰ জুলাই মাহত লাল সিং, ভানৱাৰ লাল আৰু দিনেশ নামৰ লোক তিনিজনে তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰি পত্নীক ধৰ্ষণ কৰিছিল।  মই প্ৰতিৰোধৰ বাবে চেষ্টা চলাইছিলো যদিও তেওঁলোকে মোৰ লগত মাৰ-ধৰ কৰিছিল। ইয়াৰ পিছৰ পৰা তেওঁলোকে আমাক ভয়-ভাবুকি প্ৰদান কৰি আহিছিল।  আৰক্ষীক ঘটনাৰ বিষয়ে জনোৱাৰ বিপৰীতে নিজেই প্ৰতিশোধ লোৱাৰ সিদ্ধান্ত লৈছিলো’।

    আৰক্ষী অধীক্ষক তিৱাৰীয়ে জনোৱা অনুসৰি হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা লোকজনে ইণ্টাৰনেটৰ সহায়ত বোমা প্ৰস্তুত কৰা শিকিছিল।

    ‘প্ৰথমে তেওঁ ভানৱাৰলালৰ কৃষি ভূমিৰ টিউবত ব্যৱহাৰ কৰিছিল কিন্তু তেওঁ সামান্য আঘাতপ্ৰাপ্ত হৈছিল। পিছত লাল সিঙক আক্ৰমণৰ বাবে অধিক জিলেটিন ৰড ব্যৱহাৰ কৰিছিল’, আৰক্ষীৰ আগত অভিযুক্তই।

    ইফালে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দলবদ্ধ ধৰ্ষণৰ বলি হোৱা বুলি অভিযোগ উত্থাপিত হোৱা মহিলাগৰাকীকো সোধা-পোচা কৰি আছে।

    আৰু পঢ়ক : বিশেষ : কৰ’ণাৰ বাবে Google Meet-ত বিয়া, অতিথিয়ে পাব Zomato-ৰ পৰা খাদ্য

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং