অতিকে শোকাবহ, দৰাৰ লগতে বৰযাত্ৰী ভৰ্তি বাছ দ’ খাৱৈত পৰি ৩২ গৰাকীৰ মৃত্যু আহত বহতো

0
11232

অতিকে শোকাবহ, দৰাৰ লগতে বৰযাত্ৰী ভৰ্তি বাছ দ’ খাৱৈত পৰি ৩২ গৰাকীৰ মৃত্যু আহত বহতো

আজি পুৱতি নিশা সংঘটিত হৈছে এই অতিকো শোকাবহ পথ দুৰ্ঘটনাটো। কইনা আনিবলৈ বুলি ৰাওনা হোৱা এখন বৰযাত্ৰীৰ বাছ ভয়ংকৰ দুৰ্ঘটনাত পতিত।

নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰি যোৱাৰ ফলত মৃ্ত্যুক সাৱটে ৩২ গৰাকী লোক। তাৰোপৰি আন ২০ গৰাকী লোকক কোনোমতে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

উত্তৰাখণ্ডত সংঘটিত হৈছে এই ৰথ দুৰ্ঘটনাটো। উত্তৰাখণ্ডৰ পাউৰী জিলাত এই বাছ দুৰ্ঘটনাটো হয়। বাছখন হৰিদ্বাৰ জিলাৰ লালধাঙৰ পৰা পাউৰীৰ বিৰোনখাল গাঁৱলৈ গৈ আছিল। সেই সময়ত বাছখনত ৪০-৫০ জন লোক আছিল।

দুৰ্ঘটনাটো কোটদ্বাৰ আৰু পাউৰীৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ দূৰত সংঘটিত হৈছে। বাছ খনে নিয়ন্ত্ৰণ হোৰুাৱই প্ৰায় ৫০০ মিটাৰ দ’ খাৱৈত পৰি যায়।

উদ্ধাৰ অভিযান বৰ্তমানেও অব্যাহত আছে। ওচৰৰ কেউখন থানাকে খবৰ কৰা হৈছে ঘটনা সন্দৰ্ভত। মুখ্যমন্ত্ৰীয়েও এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰে।