চৰকাৰে কৰিব নোৱাৰা কাম কৰি দেখুৱালে চৰাইদেউ জিলাই, ৰোপণ কৰিলে ৩০০০ বৃক্ষ

২০০০ জোপা সোণাৰু আৰু কৃষ্ণচূড়াৰ লগতে ১০০০ ফলমূলৰ গছপুলি ৰোপণ

0
357
Time8
Time8

ঐতিহ্যমণ্ডিত চৰাইদেউ জিলাত প্ৰকৃতি ৰক্ষাৰ লক্ষ্যৰে ৩০০০বৃক্ষ ৰোপণৰ প্ৰশংসনীয় পদক্ষেপ । চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰচহকী গাঁৱত লোৱা হয় এই পদক্ষেপ । গছপুলি ৰোপণেৰে প্ৰাকৃতিক পৰ্যটনৰ কেন্দ্ৰ গঢ়াৰ লক্ষ্যৰে বৰচহকী যুৱ সংঘ, পাটকাই ট্যুৰ এণ্ড এচকাৰশ্যন এজেঞ্চীৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত এই প্ৰশংসনীয় পদক্ষেপ আগবাঢ়ে । ২০০০ জোপা সোণাৰু আৰু কৃষ্ণচূড়াৰ লগতে ১০০০ ফলমূলৰ গছপুলি ৰোপণৰ বাবে দীৰ্ঘদিনীয়া পৰিকল্পিত আঁচনি গ্ৰহণ কৰিছিল উদ্যোক্তাসকলে।

প্ৰাকৃতিক সৌন্দৰ্যৰে জৈৱ বৈচিত্ৰতা ৰক্ষা কৰাত সহায় কৰাৰ উদ্দেশ্যে আজি গ্ৰহণ কৰা গছপুলি ৰোপণ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ‘প্ৰাকৃতিক সৌন্দৰ্য্যই জৈৱ বৈচিত্ৰতা ৰক্ষা কৰাৰ সমসাময়িক ভাৱে স্থানীয় লোকৰ আৰ্থিক অৱস্থা সবল কৰাত সহায় কৰে’ শীৰ্ষক এখন আলোচনা চক্ৰ আয়োজন কৰা হয় । উক্ত আলোচনা চক্ৰত মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে আৰু Time8ৰ সম্পাদক পৰাগমণি আদিত্য DY365ৰ কাৰ্য্যবাহী সম্পাদক প্ৰাণজিৎ শইকীয়া, অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক পৰম প্ৰকাশ গগৈৰ লগতে ৰাজ্যখনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি উক্ত বিষয়ৰ ওপৰত বক্তব্য আগবঢ়ায় ।

উল্লেখ্য যে দিচাংপানী, ডবা, লাইচেং গাওঁবাসীৰ সহযোগত দহ কিলোমিটাৰ সোণাৰি-চেপন সংযোগী পথত গছপুলি ৰোপণ কৰিবলৈ বিগত এমাহ ধৰি প্ৰস্তুতি চলাই থকা হৈছিল । যি সময়ত ৰাজ্য চৰকাৰে পৰ্যটন ক্ষেত্ৰক নতুন মাত্ৰা প্ৰদান কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে তেনে সময়তে পাটকাই ট্যুৰ এণ্ড এছকাৰশ্যন এজেঞ্চীৰ সঞ্চালক যুৱ ব্যৱসায়ী জিন্টু মহনে গাঁওবাসীক লগত লৈ কৰা প্ৰচেষ্টাক সকলো শ্ৰেণীৰ লোকে একেমুখে শলাগ লৈছে। সাম্প্ৰতিক সময়ত বৰচহকীৰ গাঁওবাসীৰ এই প্ৰচেষ্টাক সময় উপযোগী বুলি অধিকাংশ লোকে মতপোষণ কৰিছে।

চৰাইদেউৰ পৰা হানচেং মুং কোৱঁৰৰ প্ৰতিবেদন