17 C
Guwahati
Wednesday, December 1, 2021
More

    কোনো চিনেমাৰ কাহিনী নহয়, ৩০ বছৰৰ মূৰকত হ্ৰদৰ মাজৰ পৰা ওলাই আহিল এখন গাঁও

    হলীউড-বলীউডৰ চিনেমাৰ যেন কোনো দৃশ্য়গ্ৰহণ থলীহে। প্ৰথম দেখোতে তেনেই লাগিব সকলো মানুহৰেই। পিছে এই ফটোত দেখা গাঁও কোনো চিনেমাৰ দৃশ্যগ্ৰহণথলী নহয়, বৰঞ্চ সঁচাকৈয়ে এখন মানুহ থকা গাঁও। যি ৩০ বছৰৰ মূৰকত হ্ৰদৰ মাজৰ পৰা ওলাই আহিছে।

    ৩০ বছৰ পূৰ্বে মানুহৰ আবাসথলী এই গাঁওখন এতিয়া একপ্ৰকাৰ ভুতৰ আবাসথলীৰ দৰে হৈ পৰিছে। তিনিটা দশক ধৰি হ্ৰদৰ পানীৰ তলত সোমাই থকা গাঁও এখন পানী শুকাই যোৱাত দৃশ্যমান হৈছে। গাঁওখনৰ ভগা-ছিগা ঘৰ, মামৰে ধৰা বাহন, বাট পথ আদি সকলো ওলাই পৰিছে।

    এই গাঁওখন স্পেইনৰ , ১৯৯২ চনত পানীৰ মাজত সোমাই পৰিছিল গাঁওখন। নাম এছেৰেডো (Aceredo)। সেই গাঁও কেই এতিয়া ৩০ বছৰৰ অন্তত বাহিৰ ওলাই অহাত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। গাঁও খনৰ সেই সকল বাসিন্দাও আহিছে নিজৰ নিজৰ এৰি থৈ যোৱা ঘৰটো চাবলৈ।

    বাট পথবোৰত খোজ পেলাবলৈ। কিন্তু এই সকলোবোৰ কেৱল মাত্ৰ কেইটামান দিনৰ বাবে বা মাহৰ বাবেও হব পাৰে। বা স্থায়ীয়ো হব পাৰে। পানী বৃদ্ধি পালে পুনৰ হ্ৰদৰ মাজত লুকাই পৰিব পাৰে গাঁওখন।

    আৰু পঢ়ক : অহা ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগমৰ লগতে পৌৰ সভাৰ নিৰ্বাচন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং