পাহৰিব নোৱাৰ এটা অভিশপ্ত দিন, ৩০ অক্টোবৰ!

0
514

আজি ৩০ অক্টোবৰ । অসমৰ ইতিহাসৰ এটি ক’লা দিন । ২০০৮ চনৰ আজিৰ দিনটোতেই হোৱা ধাৰাবাহিক বিস্ফোৰণে কঁপাই গৈছিল সমগ্ৰ ৰাজ্য । শিশুকে ধৰি বয়োজ্যষ্ঠ জনলৈ প্ৰায় 8০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুওৱা এই হত্যালীলাৰ স্মৃতিয়ে আজিও ভুক্তভোগীৰ পৰিয়ালৰ লগতে প্ৰতিগৰাকী মানৱদৰদী লোকৰ মনত শোকৰ সৃষ্টি কৰে । এই ভয়ংকৰ বিস্ফোৰণত আহত হৈছিল ৪০০ তকৈ অধিকলোক ।

এই বিস্ফোৰণত কোনোবাই যদি আপোনজনক হেৰুৱাইছে আন কোনোবাই চিৰজীৱনৰ বাবে বিকলংগ হৈ পৰিছে ।

উল্লেখ্য যে, ২০০৮ চনৰ ৩০ অক্টোবৰত বিদ্ৰোহী সংগঠন এন ডি এফ বিয়ে মহানগৰীস্থিত গণেশগুৰি, পাণবজাৰ, কাছাৰীসহ ৰাজ্যৰ কোকৰাঝাৰ, বৰপেটাৰোড, বঙাইগাঁৱত সংঘটিত কৰিছিল ধাৰাবাহিক বিস্ফোৰণ।

উল্লেখ্য যে, এই ধাৰাবাহিক বিস্ফোৰণৰ অভিযুক্ত বিদ্ৰোহী সংগঠন এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটৰ ১৫ জনক ১০ বছৰৰ অন্তত ২০১৮ চনত দোষী সাব্যস্ত কৰা হৈছিল ।

উল্লেখ্য যে, গনেশগুৰিত এখন গাড়ীৰ ভিতৰত এই বোমা বিস্ফোৰণ কৰা হৈছিল ।

এই বোমা বিস্ফোৰণত নিহত সকললৈ TIME8 ৰ তৰফৰ পৰা অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি !

Photo credit : the new york time