
কৰুণ, ৰে’লৰ বাবে ৰৈ থাকোতেই ৩০ সাধাৰণ নাগৰিকক হত্যা, ১০০ৰো অধিক আহত
অতিকে কৰুণ ঘটনা। ৰে’লৰ বাবে ৰৈ থাকোতেই ৩০ গৰাকী সাধাৰণ নাগৰিকক হত্যা কৰে ৰাছিয়ান সেনাই। যি ঘটনাৰ দৃশ্য়ই চকু সেমেকাই চুলিছে অজশ্ৰ জনৰ।
ইউক্ৰেইনৰ পূৱ প্ৰান্তৰ ক্ৰামাটোৰ্স্ক (Kramatorsk)ত সংঘটিত হৈছে এই ঘটনা। শুকুৰবাৰৰ বিয়লি হঠাতে সংঘটিত হয় এই ঘটনা।
৩০ গৰাকী লোকৰ কৰুণ মৃত্যু হোৱাৰ লগতে ১০০ ৰো অধিক লোক আহত হয় এই ঘটনাত। ৰাছিয়াই মিছাইলেৰে আক্ৰমণ কৰি এইদৰে হত্যা কৰে সাধাৰণ নাগৰিকক।

ট্ৰেইনৰ বাবে ৰৈ আছিল বহু লোক। তেনে সময়তে ৰাছিয়ান সৈন্যই হঠাতে আহি নিৰ্বিচাৰে সাধাৰণ নাগৰিকৰ ওপৰত মিছাইল নিক্ষেপ কৰে।
ৰে’ল কৰ্তৃপক্ষই সদৰি কৰা অনুসৰি ৰাছিয়াই মিছাইল এটেক কৰি এইদৰে সাধাৰণ নাগৰিকক হত্যা কৰে। আহত সকলক পাছত চিকিৎসা প্ৰদান কৰা হয়।
আৰু পঢ়ক : বাৰিষাৰ বাবে সাজু এছডিআৰএফ, চেনিটেৰী নেপকিনক অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাত অন্তৰ্ভূক্ত