কালী পূজাৰ নিশা ৰাজ্যৰ বিভিন্ন স্থানত বিক্ষিপ্ত ঘটনা, অগ্নিনিৰ্বাপক বাহিনী আৰু মৃত্যুঞ্জয় সেৱাৰ তথ্য

একে নিশাই ৰাজ্যৰ ৩০টা স্থানত সংঘটিত হ'ল অগ্নিকাণ্ডৰ ঘটনা

0
870
photo credit: indiatoday.in

কালী পূজাৰ নিশা অগ্নিদেৱতাৰ কোপদৃষ্টি ৰাজ্যত। একে নিশাই ৰাজ্যৰ ৩০টা স্থানত সংঘটিত হ’ল অগ্নিকাণ্ডৰ ঘটনা। জুইত জাহ গ’ল প্ৰায় কোটি টকাৰ সা-সম্পত্তি। ইফালে পূজাৰ নিশা ৰাজ্যত সংঘটিত হ’ল ১২৭টা পথ দুৰ্ঘটনা।

গুৱাহাটী মহানগৰীত সংঘটিত হয় সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হয়। কামৰূপ মহানগৰীত ১৬টাকৈ পথ দুৰ্ঘটনা সংঘটিত। ইফালে ৰাজ্যত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাত ১৭জনকৈ লোক অগ্নিদগ্ধ হয়। অগ্নিনিৰ্বাপক বাহিনী আৰু মৃত্যুঞ্জয় সেৱাৰ তথ্য অনুসৰি ওদালগুৰিত অগ্নিকাণ্ডৰ ফলত অগ্নিদগ্ধ হয় ৬জন লোক আৰু ২টাকৈ পথ দুৰ্ঘটনা সংঘটিত হয়। যোৰহাটত অগ্নিদগ্ধ হয় মৃত্যু হয় ২জন লোকৰ আৰু ৫টাকৈ পথ দুৰ্ঘটনা। ডিব্ৰুগড়ত অগ্নিদগ্ধ হয় ২জন লোক আৰু ৪টাকৈ পথ দুৰ্ঘটনা সংঘটিত হয়। লখিমপুৰত অগ্নিদগ্ধ হয় এজন লোক আৰু ৭টাকৈ পথ দুৰ্ঘটনা।

শোণিতপুৰত এজন লোক অগ্নিদগ্ধ আৰু ৮টা পথ দুৰ্ঘটনা। কোকৰাঝাৰত এটা পথ দুৰ্ঘটনা। কাছাৰত ২টাকৈ পথ দুৰ্ঘটনা। দৰঙত এটা পথ দুৰ্ঘটনা। শিৱসাগৰত ৫টাকৈ পথ দুৰ্ঘটনা। চিৰাঙত ২টা পথ দুৰ্ঘটনা। ধেমাজিত সংঘটিত হয় ১৩টাকৈ পথ দুৰ্ঘটনা। ধুবুৰীত ৫টা পথ দুৰ্ঘটনা। নগাঁৱত ৪টা পথ দুৰ্ঘটনা। নলবাৰীত সংঘটিত হয় ৭টা পথ দুৰ্ঘটনা। বৰপেটাত ১০টাকৈ পথ দুৰ্ঘটনা। বঙাইগাঁৱত সংঘটিত হয় ৩টা। তিনিচুকীয়াত পথ দুৰ্ঘটনা হয় এটা। গোৱালপাৰাত সংঘটিত হয় ৩টাকৈ পথ দুৰ্ঘটনা। বাক্সাত ৫টা আৰু গোলাঘাটত সংঘটিত হয় ৭টাকৈ পথ দুৰ্ঘটনা।