ভয়ংকৰ অন্ধবিশ্বাসৰ ঘটনা- গাঁৱৰ মানুহে মৰিয়াই মৰিয়াই প্ৰাণ কাঢ়িলে ৩গৰাকী মহিলাৰ

0
1584
প্ৰতিনিধিত্বমূলক চিত্ৰ

ভয়ংকৰ অন্ধবিশ্বাসৰ ঘটনা- গাঁৱৰ মানুহে মৰিয়াই মৰিয়াই প্ৰাণ কাঢ়িলে ৩গৰাকী মহিলাৰ। ঝাৰখণ্ডৰ  ৰাঁচীৰ ৰাণাদিহ গাঁৱৰ তিনিগৰাকী স্থানীয় মহিলাক গাঁওবাসীয়ে যাদুবিদ্যা কৰাৰ সন্দেহত ডাইনী সজাই গণপ্ৰহাৰ কৰি হত্যা কৰে।

নিহত তিনিমহিলাৰ এগৰাকীৰ পুত্ৰ আৰু স্বামীয়ো জড়িত আছিল এই গণপ্ৰহাৰৰ ঘটনাত। মৃত তিনি মহিলা- ৰাইলু দেৱী (৪৫), ধোলি দেৱী (৬০) আৰু আলোমানী দেৱী বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ তিনিমহিলাৰ ভিতৰত দুগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও, বৰ্তমানেও তৃতীয়গৰাকীৰ মৃতদেহৰ সন্ধান চলি আছে।

উল্লেখ্য যে,গাঁওবাসীয়ে যাদুবিদ্যাৰ সন্দেহ আৰু গাঁওখন ডাইনীৰ দ্বাৰা অভিশপ্ত বুলি দাবী কৰাৰ পিছতে তিনিওগৰাকী মহিলাসকলক মৰিয়াই মৰিয়াই হত্যা কৰে।

সদ্যহতে গাঁওখনৰ এজন কিশোৰক সাপে কামোৰাৰ পিছত চিকিৎসকৰ ওচৰলৈ লৈ যোৱাৰ পৰিৱৰ্তে গাঁওবাসীয়ে বেজৰ ওচৰলৈ লৈ যায়। বেজে জাৰি-ফুকি কিশোৰটিক বচাবলৈ চেষ্টা কৰে যদিও তেওঁ বিফল হয়।

কেইদিনমানৰ পিছত একেখন গাঁৱতে আন এটা শিশুক সাপে কামোৰে। কিন্তু এইবাৰো শিশুটোক বেজে জৰা-ফুকা চিকিৎসা কৰোতেই সুস্থ হয়। যি ঘটনাৰ পিছতে গাওঁবাসীসকল নিশ্চিত হয় যে গাওঁখনত ডাইনী কুদৃষ্টি আছে।

সেয়ে গাঁওবাসীয়ে কিশোৰটিৰ মৃত্যুত ডাইনী বুলি মহিলা কেইগৰাকী জড়িত থকাৰ সন্দেহ কৰি সকলো গাঁওবাসীয়ে উচতনি দি লাঠিৰে গণপ্ৰহাৰ কৰি হত্যা কৰে।