
সেনা আৰু আৰক্ষীৰ অভিযানত তিনি আলফা আটক। চৰাইদেউ জিলাৰ ডাঙৰীকুমাৰ আৰু সাপেখাটি সেনা শিবিৰ আৰু নামৰূপ আৰক্ষীৰ যৌথ অভিযানত ২৮ ডিচেম্বৰৰ নিশা আটক হয় তিনি আলফা। নামৰূপত আটক কৰা আলফা তিনিজনৰ নাম ক্ৰমে ৰণ্টু সোণোৱাল(২৫), বিদ্যুত চিৰিঙ্গীয়া(১৯) আৰু যিশু বৰা(২৭)। আটকাধীন তিনিজনৰ ভিতৰত ৰণ্টু সোনোৱাল ওৰফে ‘ৰন অসম’ ওৰফে ‘মাইনা’ৰ ঘৰ ডিব্ৰুগড় জিলাৰ খোৱাং ৰহমাৰী অঞ্চলত।
আলফাৰ লিংকমেন হিচাপে জড়িত এইগৰাকী যুৱকে নামৰূপত বাহৰ পাতি নতুন সদস্য ভৰ্তিৰ তথা সাংগঠনিক কৰ্মৰ লগত জড়িত আছিল। আনহাতে বিদ্যুৎ চিৰিঙ্গীয়াৰ ঘৰ নাহৰকটীয়াৰ কুঁৱৰীজান আৰু যিচু বৰাৰ ঘৰ কাৰ্বি আংলং জিলাৰ বিহগুৰীত। এই দুয়োজন যুৱকে আলফাত নতুনকৈ যোগদান কৰিবলৈ আহি আটক হ’বলগীয়া হয় সেনা-আৰক্ষীৰ অভিযানত। সেনাবাহিনীৰ সূত্ৰে জানিবপৰা মতে আটকাধীন আলফাকেইজনৰ পৰা গুলীসহ এটা পিষ্টল, তিনিটা মোবাইল ফোন, এটা মেগজিন, নগদ ধনৰ লগতে আলফা স্বাধীনৰ দুখন পতাকা উদ্ধাৰ কৰা হৈছে।