ইণ্ডিয়ান অইলৰ ৰিফাইনেৰীত ভয়ংকৰ অগ্নিকাণ্ড, তিনিজনৰ মৃত্যু, ৪৪ জন আহত

0
11629
ইণ্ডিয়ান অইলৰ ৰিফাইনেৰীত ভয়ংকৰ অগ্নিকাণ্ড, তিনিজনৰ মৃত্যু, ৪৪
প্ৰতিনিধিত্বমূলক চিত্ৰ

ইণ্ডিয়ান অইলৰ ৰিফাইনেৰীত ভয়ংকৰ অগ্নিকাণ্ড, তিনিজনৰ মৃত্যু, ৪৪ জন আহত

পশ্চিম বংগৰ পূব মেদিনীপুৰ জিলাৰ হালদিয়াত মঙলবাৰে দুপৰীয়া ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ শোধনাগাৰত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।

এই অগ্নিকাণ্ডত কমেও তিনিজন লোকৰ মৃত্যু হৈছে আৰু আন ৪৪ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।

আই অ’ চিয়ে এক বিবৃতিত কয় যে ঘটনাটো শোধনাগাৰৰ এটা ইউনিটত সংঘটিত হৈছিল। তেতিয়া তাত শ্বাটডাউন সম্পৰ্কীয় কাম চলি আছিল।

বিবৃতিটোত লগতে কোৱা হৈছে যে ইন্ধনত হঠাতে জুই লগাৰ ফলতেই এই ঘটনাটো সংঘটিত হোৱাৰ কাৰণ হ’ব পাৰে।

অগ্নিকাণ্ডত তিনিজন লোকে দুৰ্ভাগ্যবশতঃ নিহত হৈছিল আৰু আন ৪৪ জন লোক গুৰুতৰভাৱে আহত হয়।

ইণ্ডিয়ান অইলৰ তৰফৰ পৰা কোৱা হৈছে যে জুই সম্পূৰ্ণৰূপে নুমুৱাবলৈ সক্ষম হোৱাৰ লগতে পৰিস্থিতি এতিয়া স্বাভাৱিক অৱস্থাত আছে।

আঘাতপ্ৰাপ্ত হোৱা ৪৪ জন লোকৰ ভিতৰত ৩৭ জনক কলকাতাৰ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰে সাতজনৰ অৱস্থা কিছু সংকটজনক।

আৰু পঢ়ক : ৰাজ্যসভাত গৃহীত নিৰ্বাচনী আইন(সংশোধনী)বিধেয়ক-২০২১, ভোটাৰ তালিকা আৰু আধাৰকলৈ কি আছে এই বিধেয়কত?