
কৰিমগঞ্জত চুৰাইবাৰী আৰক্ষীয়ে আটক কৰিছে নাইজেৰিয়াৰ ৩ জন লোকক। শুকুৰবাৰে নিশা আগৰতলাৰ পৰা গুৱাহাটীলৈ যোৱাৰ পথত আৰক্ষীৰ নিয়মীয়া তালাচীত ৩ জন নাইজেৰিয়ান আটক হয়।

আটকাধীন ৩ জনৰ হাতত নাইজেৰিয়াৰ পাছপ’ৰ্ট থাকিলেও ভাৰতত প্ৰৱেশৰ নাছিল কোন প্ৰমাণপত্ৰ তথা ভিছা। ফলত অবৈধভাৱে ভাৰতত প্ৰৱেশৰ বাবে কৰিমগঞ্জৰ চুৰাইবাৰী আৰক্ষীয়ে তিনিওজনকে আটক কৰে।

উল্লেখ্য যে অবৈধ প্ৰৱেশৰ বাবে কৰিমগঞ্জ যেন নাইজেৰিয়াৰ লোকৰ বাবে সুচল পথ হৈ পৰিছে!

বিগত মাহতো তিনিজনকৈ নাইজেৰিয়াৰ লোকক আটক কৰিছিল আৰক্ষীয়ে।