মুম্বাইত নৌ-সেনাৰ জাহাজত বিস্ফোৰণ, তিনিজন জোৱানৰ মৃত্যু
মঙলবাৰে মুম্বাই নেভেল ডাকয়াৰ্ডত সংঘটিত এক দুৰ্ঘটনাত তিনিজন নৌ-সেনাৰ জোৱান নিহত হয়। খবৰ অনুসৰি আইএনএছ ৰণবীৰৰ ভিতৰ ভাগত সংঘটিত বিস্ফোৰণত তিনিওজন সেনাই প্ৰাণ হেৰুৱাইছিল।
অৱশ্যে, ঘটনাটোৰ পিছতে উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছিল আৰু জাহাজখনত থকা লোকসকলে লগে লগে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা কৰিছিল।
প্ৰাৰম্ভিক তথ্য অনুসৰি জাহাজখন বেছি ক্ষতিগ্ৰস্ত হোৱা নাই।
বাতৰি অনুসৰি, ইষ্টাৰ্ণ নেভেল কমাণ্ডৰ আইএনএছ ৰণবীৰে ২০২১ চনৰ নৱেম্বৰৰ পৰা উপকূলীয় অঞ্চলত কাৰ্যকৰী ভাৱে নিয়োজিত হৈ আছিল আৰু কিছু সময় পিছতে উপকূললৈ উভতি অহাৰ কথা আছিল কিন্তু তেতিয়াই বিস্ফোৰণটো সংঘটিত হয়।
এই ক্ষেত্ৰত তদন্তৰ নিৰ্দেশ দিয়া হৈছে যদিও এতিয়ালৈকে ঘটনাটোৰ কাৰণ জানিব পৰা হোৱা নাই।
ঘটনাটোত আন নৌ সেনা জোৱান আহত হৈছে নে নাই সেয়াও এই পৰ্যন্ত স্পষ্টৰূপত জানিব পৰা হোৱা নাই।
আৰু পঢ়ক : চাঞ্চল্যকৰ; পত্নীক ধৰ্ষণ কৰা অভিযুক্তক বিস্ফোৰক সামগ্ৰীৰে হত্যা স্বামীৰ