তৃণমূল কংগ্ৰেছ নেতাৰ ঘৰত ভয়ংকৰ বিস্ফোৰণ, তিনিজন লোক নিহত

0
169

পশ্চিমবংগৰ পূব মিদনাপুৰ জিলাত তৃণমূল কংগ্ৰেছৰ এগৰাকী নেতাৰ ঘৰত সংঘটিত বোমা বিস্ফোৰণত অতি কমেও তিনিজন লোক নিহত হোৱাৰ খবৰ আহিছে।

স্থানীয় আৰক্ষী বিষয়াই জনোৱা মতে, শুকুৰবাৰে নিশা প্ৰায় ১১.১৫ বজাত নেৰিবিলা গাঁৱৰ টিএমচিৰ বুথ সভাপতিৰ ঘৰত বোমা বিস্ফোৰণ হয়। বিস্ফোৰণৰ ফলত ঘৰতো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।

সংবাদ সংস্থা পিটিআইৰ মতে, বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই আৰু তদন্ত অব্যাহত আছে।

বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে মাটিৰ ঘৰৰ খেৰৰ চালিখন সম্পূৰ্ণৰূপে উৰি গৈছিল।

এই বিস্ফোৰণৰ পিছতে বিৰোধী দল বিজেপিয়ে তৃণমূল কংগ্ৰেছ নেতাৰ ঘৰত দেশী বোমা প্ৰস্তুত কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে।

বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি দিলীপ ঘোষে কয় যে ৰাজ্যখনত কেৱল বোমা নিৰ্মাণ উদ্যোগটোৱেই ঠন ধৰি উঠিছে।

আনহাতে, চি পি আই (এম)ৰ জ্যেষ্ঠ নেতা সুজন চক্ৰৱৰ্তীয়ে এই বিষয়ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মৌনতাক লৈ আশ্চৰ্য্য প্ৰকাশ কৰি কয় যে মমতাৰ মৌনতা আচৰিত।