15.1 C
Guwahati
Saturday, January 29, 2022
More

    আতচবাজী প্ৰস্তুতৰ কাৰখানাত প্ৰচণ্ড বিস্ফোৰণ; ৩ জনৰ মৃত্যু, কেইবাজনো আহত

    আতচবাজী প্ৰস্তুতৰ কাৰখানাত প্ৰচণ্ড বিস্ফোৰণ; ৩ জনৰ মৃত্যু, কেইবাজনো আহত

    পশ্চিম বংগৰ দক্ষিণ ২৪ পৰগানা জিলাৰ মোহনপুৰ গাঁৱত বুধবাৰে পুৱা এটা আৱাসিক ঘৰত হোৱা প্ৰচণ্ড বিস্ফোৰণত তিনিজন লোক নিহত আৰু আন কেইবাজনো লোক আহত হোৱাৰ খবৰ লাভ কৰা গৈছে।

    আৰক্ষীয়ে এই কথা জানিবলৈ দি কয় যে ঘৰৰ মালিকে আতচবাজী প্ৰস্তুতৰ বাবে মজুত কৰি ৰখা বৃহত পৰিমাণৰ অবৈধ বিস্ফোটক সামগ্ৰী বিস্ফোৰণৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।

    এই বিস্ফোৰণৰ ফলত ঘৰৰ মালিক অসীম মণ্ডল আৰু তেওঁৰ দুজন কৰ্মচাৰীৰ মৃত্যু হয়।

    স্থানীয় লোকে অভিযোগ কৰা অনুসৰি অসীম মণ্ডলে যোৱা ১০ বছৰ ধৰি তেওঁৰ ঘৰত অবৈধভাৱে আতচবাজী প্ৰস্তুতৰ ফেক্টৰী চলাই আছিল।  

    স্থানীয় লোকসকলৰ মতে, বিস্ফোৰণৰ তীব্ৰতা ইমানেই বেছি আছিল যে বিস্ফোৰণস্থলীৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত থকা একাংশ ঘৰৰ আইনাও ভাঙি গৈছে।

    আৰু পঢ়ক : IPL : ৰিটেইন কৰা তালিকা প্ৰকাশ, নাম নাই কেইবাজনো তাৰকা ক্ৰিকেটাৰৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং