ডিমা হাচাওত ভয়ংকৰ ভূমিস্খলন; এগৰাকী মহিলাসহ তিনিজনৰ মৃত্যু
কিছু দিনৰ পৰা হৈ থকা ধাৰাবাহিক বৰষুণৰ ফলত ডিমা হাচাওৰ ১২খন গাঁৱত ভূমিস্খলনৰ খবৰ আহিছে। ইয়াৰ উপৰি আন বহু ঠাইত জলমগ্ন হোৱাৰ লগতে বানসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে।
জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বিগত কিছুদিন ধৰি অবিৰত বৰষুণৰ ফলত ডিমা হাচাওত কেইবাটাও আৱাসিক আৰু বাণিজ্যিক ভৱন ক্ষতিগ্ৰস্ত হৈছে।
বিষয়াসকলৰ মতে, আছানী ঘূৰ্ণীবতাহৰ বাবেই বৰষুণৰ এই পৰিস্থিতিৰ সৃষ্টি হৈছে।
ডিমা হাচাওৰ হাফলঙত ভূমিস্খলনত এগৰাকী মহিলাসহ তিনিজন লোক নিহত হয়। আন বহু অঞ্চলত ৰাস্তা-পথ পানীয়ে উটুৱাই নিয়াৰ দৰে ঘটনা সংঘটিত হৈছে।
নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে ডিমা হাচাওৰ উপায়ুক্ত নাজৰীন আহমেদে এক পৰামৰ্শ জাৰি কৰি ৰাইজক যাতায়াতৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছে।
কাছাৰ, ধেমাজি, হোজাই, কাৰ্বি আংলং পশ্চিম, নগাঁও আৰু কামৰূপকে (মেট্ৰ’) ধৰি ৬খন জিলাৰ ৯৪ খন গাঁৱৰ মুঠ ২৪,৬৮১ গৰাকী লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বুলি দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰিছে।
অবিৰত বৰষুণ আৰু ভূমিস্খলনৰ বাবে উত্তৰ-পূব সীমান্ত ৰেইলৱেৰ লামডিং-বদৰপুৰৰ কেইবাখনো ৰেইল বাতিল কৰা হৈছে। ৰেইলৱেৰ এগৰাকী মুখপাত্ৰই এই তথ্য প্ৰদান কৰে।
আৰু পঢ়ক :- প্ৰাক্তন অলৰাউণ্ডাৰ এণ্ড্ৰিউ চাইমণ্ডছৰ মৃত্যু, ক্ৰিকেট জগত শোকস্তব্ধ