অনিয়ন্ত্ৰিত ৰূপত সংক্ৰমিত কৰ’ণা; চীনত এদিনত ৩ কোটি ৭০ লাখ আক্ৰান্ত

0
96
প্ৰতিনিধিত্বমূলক চিত্ৰ

চীনত পুনৰ এবাৰ অনিয়ন্ত্ৰিত ৰূপত সংক্ৰমিত হ’বলৈ ধৰিছে কৰ’ণা। চীন চৰকাৰৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি শেহতীয়াকৈ দেশখনত এদিনত ৩৭ মিলিয়ন অৰ্থাত ৩ কোটি ৭০ লাখ লোক ক’ভিডত আক্ৰান্ত হৈছে।

বিশ্বৰ বিভিন্ন সংস্থাসমূহে দাবী কৰাতকৈও এই তথ্য অধিক ভয়াৱহ। ডিচেম্বৰৰ প্ৰথম ২০ দিনত দেশখনত ২৪৮ মিলিয়ন লোক অৰ্থাত মুঠ জনসংখ্যাৰ ১৮ শতাংশ লোক কৰ’ণাৰ দ্বাৰা সংক্ৰমিত হৈছে।

যদিহে এই তথ্য সত্য হয় তেন্তে অনুমান কৰা অনুসৰি কিছু দিনৰ ভিতৰতে ২০২২ বৰ্ষৰ জানুৱাৰি মাহৰ ৪ মিলিয়নৰ দৈনিক আক্ৰান্তৰ সংখ্যাৰ অভিলেখ ভংগ কৰিব।

উল্লেখ্য যে, বেইজিঙত জিৰ’ ক’ভিড নীতি প্ৰত্যাহাৰ কৰাৰ পিছৰে পৰা এইদৰে দেশখনৰ বিভিন্ন প্ৰান্তত কৰ’ণাৰ অমিক্ৰণ ভেৰিয়েণ্টে সংহাৰী ৰূপ ধাৰণ কৰিছে।

বিভিন্ন সংস্থাৰ প্ৰতিবেদন অনুসৰি চীনৰ দক্ষিণ-পশ্চিম আৰু ৰাজধানী বেইজিঙৰ ছিচুয়ান প্ৰদেশৰ আধাতকৈ অধিক বাসিন্দা আক্ৰান্ত হৈছে। চীনৰ মানুহে এতিয়া এই সংক্ৰমণ ধৰা পেলাবলৈ ৰেপিড এন্টিজেন টেষ্ট ব্যৱহাৰ কৰিছে।

উদ্বেগজনকভাৱে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰা বাবে চীন চৰকাৰে দৈনিক কৰ’ণা আক্ৰান্তৰ সংখ্যা প্ৰকাশ কৰাটো বন্ধ কৰি দিছে।