Breaking: ডিব্ৰুগড়ত বনভোজ খাবলৈ গৈ তিনি যুৱকৰ সলিল সমাধি

গণৰাজ্য দিৱসৰ বন্ধৰ বাবে যুৱক কেইজন বনভোজ খাবলৈ গৈছিল ডিব্ৰুগড়ৰ মাইজানৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত

0
101

দুটাকৈ বোমা বিস্ফোৰণৰ ঘটনা,আতংকৰ পাছত গণৰাজ্য দিৱসৰ দিনাই পুনৰ আন এক অঘটন ডিব্ৰুগড়ত। বোমা বিস্ফোৰণৰ আতংক মাৰ নৌযাওঁতেই ডিব্ৰুগড়ৰ মাইজনত সংঘটিত হয় আন এক অঘটন।মাইজন বৰপুল বিলত তিনিজন যুৱকৰ সলিল সমাধি হৈ মৃত্য।যুৱক তিনিজন হৈছে সঞ্জয় বৰ্মন,ৰৌচন তামাঙ আৰু ৰাজীৱ দুৱৰা।

একাংশ স্থানীয় লোকৰ মতে আজি গণৰাজ্য দিৱসৰ দিনাই ডিব্ৰুগড়ৰ মাইজানৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত বনভোজ খাবলৈ গৈ তিনি যুৱকে বনভোজস্থলীৰ কাষৰে এটা সুঁতিত গা ধুবলৈ নামে। নিৰ্জন ঠাইডোখৰত পানীৰ গভীৰতাৰ উমান নাপাই তিনিও ডুবিবলৈ ধৰে। তাৰ মাজতেই স্থানীয় লোকে প্ৰত্যক্ষ কৰে আৰু দুজনৰ মৃতদেহ উদ্ধাৰ কৰে।

ইয়াৰ পাছতেই ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হয় আৰু আনজন যুৱকৰ সন্ধানত আহি নামি পৰে ডুবাৰুৰ দল।পাছত আনজন যুৱককো মৃত অৱস্থাতে উদ্ধাৰ কৰে ডুবাৰুৱে। এনেদৰে গণৰাজ্য দিৱসৰ দিনাই তিনিজন যুৱকৰ মৃত্যু হয় ডিব্ৰুগড়ত। যুৱক তিনিজন অসম চিকিৎসা মহাবদ্যালৰ সমীপৰ বুলি জানিব পৰা গৈছে।গণৰাজ্য দিৱসৰ বন্ধৰ বাবে যুৱক কেইজন বনভোজ খাবলৈ গৈছিল সেই স্থানত।

Photo Credit:@abdulrajjak