এটা টকাভৰ্তি বেগক ৩ যুৱকে টনা-আঁজোৰা কৰি পৰিলগৈ হেলেম আৰক্ষীৰ জালত

বেগটোৰ পৰা আচল-নকলসহ ৩ লাখ ৩৯ হাজাৰ টকা উদ্ধাৰ কৰে আৰক্ষীয়ে

0
60

গহপুৰত হেলেম আৰক্ষীয়ে আটক কৰে জালনোটসহ তিনি যুৱকক। জালনোটৰ সৈতে আটক কৰা যুৱক তিনিজন সুভাষ ৰায় ,ৰবিন ৰায় (ছিকিম ) আৰু অমিত থাপা (জলপাইগুৰি) বুলি জানিব পৰা গৈছে।

দুটা পক্ষৰ মাজত হেলেমৰ টকৌবাৰীত এটা বেগৰ বাবে টনা আঁজোৰা লগাৰ খবৰ পাই হেলেম থানাৰ আৰক্ষী উপস্থিত হৈ ঘটনাস্থলীৰ পৰা এটা বেগ উদ্ধাৰ কৰে। বেগটোৰ পৰা আচল-নকলসহ ৩ লাখ ৩৯ হাজাৰ টকা আৰক্ষীয়ে উদ্ধাৰ কৰে। বৰ্তমান সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে। ইয়াৰ পিছত কোন কোন আৰু জড়িত আছে তদন্তৰ পিছত সবিশেষ পোহৰলৈ আহিব।

Photo Credit:@moongogoi