গোলাঘাটত আবকাৰী বিষয়া-কৰ্মচাৰী নিহত হোৱা ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

উজনি অসমৰ আয়ুক্ত জুৰি সোণোৱালক ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

0
244

গোলাঘাটৰ মৰঙীত অভিযানলৈ যোৱা অৱস্থাত দুৰ্ঘটনাত পতিত হৈ নিহত হোৱা আবকাৰী বিষয়া-কৰ্মচাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে নিহতৰ আত্মীয়ক সহায় কৰিবলৈ বিভাগটোৰ বিভিন্ন বিষয়া-কৰ্মচাৰীৰ প্ৰতি আহ্বান জনাইছে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

এই শোকাৱহ দুৰ্ঘটনাটোত আহতসকলৰ চিকিৎসাৰ খৰচ চৰকাৰে বহন কৰিব। আহতসকলক উন্নত চিকিৎসা প্রদান কৰাৰ যাৱতীয় ব্যৱস্থা সন্দৰ্ভত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষকৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰে। এই বিষয়টো তদাৰক কৰিবলৈ কামৰূপৰ আবকাৰী অধীক্ষক দেৱজিত নাথক নিৰ্দেশ দিয়া হৈছে।

ইতিমধ্যে আলোচনা মৰ্মে উজনি অসমৰ আয়ুক্ত জুৰি সোণোৱালক ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইফালে, অসমৰ অতিৰিক্ত আবকাৰী আয়ুক্ত সঞ্জীৱ মেধিৰ নেতৃত্বত এটা দলে ডিফুলৈ গৈ নিহত আবকাৰী বিষয়া চামু মাইবংচাৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিব। আবকাৰী মন্ত্ৰী আৰু আবকাৰী আয়ুক্তই তৎপৰতাৰে সমগ্ৰ ঘটনা সন্দৰ্ভত যাৱতীয় গ্ৰহণ কৰিছে।